Local, Vocal, Global

WATCH | Rangia News : ‘ইয়াতে মিটিং পাতিব নোৱাৰে,MLA আহে যদি বোকাৰ ওপৰত মিটিং পাতিব দিয়ক’

ৰঙিয়া,৬জুন : ইয়াতে মিটিং পাতিব নোৱাৰে। ইয়াত মিটিং পাতিলে আমি দোকান বন্ধ কৰি ঘৰলৈ গুচি যাম।MLA আহে যদি বোকাৰ ওপৰত মিটিং পাতিব দিয়ক। ।এনেও MLA কাৰো কথা নুশুনে। আজি ইমান দিনে আপোনালোকৰ খবৰ নাই। জৰাজীৰ্ণ দলঙ খনক সম্বল কৰি কেনেদৰে এই বজাৰখন চলি আছে আমিহে জানো।বিশ্ব পৰিৱেশ দিৱসত বাটৰ নাট কৰিব আহি প্ৰশাসন তথা বিধায়ক ভৱেশ কলিতাৰ সমৰ্থকৰ লতি ঘটি।

ৰঙিয়া সাপ্তাহিক বজাৰৰ একাংশ ক্ৰেতা বিক্ৰেতাই দিলে বাধা।বোকা পানীৰ মাজত চলিছে ৰঙিয়া সাপ্তাহিক বজাৰখন।বজাৰলৈ অহা যোৱা কৰা দলঙখনৰো অৱস্থা জৰাজীৰ্ণ। উন্নয়নৰ নামত ধন আহিলেও সেয়া সোমাই পৌৰসভাৰ বিষয়ববীয়াৰ জেপত।যাৰ বাবে মানুহ নাই বজাৰত, লোকচান ব্যাৱসায়ীৰ ,অসুবিধা ক্ৰেতাৰ(Rangia News)।

এই ক্ষোভৰ বহিঃপ্ৰকাশ এয়া।পৰিৱেশ দিৱসৰ দিনা সজাগতাৰ বাবে বাটৰ নাটৰ ঠিকেই আয়োজন কৰিছে কিন্তু বাটৰ নাট চোৱা দৰ্শক হ’লে নাই বজাৰত।

আচলতে এয়া হৈছে ৰাইজ তথা বজাৰ ব্যৱসায়ীৰ ক্ষোভ।হাহি ধেমালি কৰিব আৰু সময় নাই ৰাইজৰ কাৰণ যথেষ্ট কষ্টৰে জৰাজীৰ্ণ দলংঙৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে।যাৰ ফলত বজাৰখনত আগতকৈ বহু‌ হ্ৰাস পাইছে ক্ৰেতাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হৈছে ব্যৱসায়ী সকল।বিশ্ব পৰিবেশ দিৱসৰ দিনাই বহি:প্ৰকাশ ঘটিল এই ক্ষোভৰ।

লগতে পঢ়ক: WATCH | Bongaigaon News : অভয়াপুৰীত সংগ্ৰামী নেতা প্ৰয়াত ফনী মেধিৰ কুৰি সংখ্যক মৃত্যু বাৰ্ষিকী পালন