Local, Vocal, Global

WATCH | Rangia News : এজাক বৰষুণতে খহি পৰিল ৰঙিয়াত নৱ নিৰ্মিত ৰঙালী শিশু উদ্যানৰ বেৰ

ৰঙিয়া,৩জুন : এজাক বৰষুণতে ৰঙিয়াত নৱ নিৰ্মিত ৰঙালী শিশু উদ্যানৰ খহি পৰিল পকী বেৰ। নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যোৱা ৫ টা বছৰে আজিলৈ সম্পূৰ্ণ হৈ নুঠা ৰঙালী উদ্যান খন এতিয়া হৈ পৰিছে মদাহীৰ আদ্দা।

চাৰিওফালে কেৱল সুৰাৰ বটল। আনহাতে শিশু সকলৰ খেলৰ সমগ্ৰী সমূহ পৰি ৰৈছে জৰাজীৰ্ণ অৱস্থাত। কোটি টকা ব্যয়েৰে আজিলৈ নিৰ্মাণ নোহোৱা শিশু উদ্যানখনৰ এজাক বৰষুণতে পকী বেৰ খহি পৰাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ(Rangia News)।

বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অতি নিম্ন মানৰ সমগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। গতিকে ইয়াৰ পিছতো আজিলৈ সম্পূৰ্ণ হৈ নুঠা ৰঙালী শিশু উদ্যানখনৰ নিৰ্মাণ তথা নিম্ন মানৰ সমগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সময়ত ই আৰু অধিক লক্ষ্যণীয় হৈ পৰিব।

লগতে পঢ়ক :WATCH | Heated situation : নিশা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি