WATCH | Rangia News : বিদ্যুতৰ বিসংগতিক লৈ এতিয়া অতিষ্ঠ ৰঙিয়াবাসী
ৰঙিয়া,৩১মে’ : বিদ্যুতৰ বিসংগতিক লৈ এতিয়া অতিষ্ঠ ৰঙিয়াবাসী। এইবাৰ ৰাইজৰ সমস্যা লৈ ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সাংবাদকৰ্মী।বিভাগীয় কৰ্তৃপক্ষক ৰাইজৰ হৈ কিছু প্ৰশ্ন কৰে সাংবাদিক সকলে।
উল্লেখযোগ্য যে, সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা যোগাযোগৰ সেৱা ২৪ ঘন্টাই উপলব্ধ কৰাৰ দাবী জনাই সাংবাদিক সকলে ইয়াৰোপৰি তাৎক্ষণিকভাৱে বিদ্যুৎ সেৱা উপলব্ধ কৰাৰ দাবী জনাই তেওঁলোকে(Rangia News)।
সমান্তৰালভাৱে ঠাইয়ে ঠাইয়ে ব্যাহত হৈ থকা বিদ্যুৎ সেৱা অতি শীঘ্ৰে উপলব্ধ কৰিব বুলি আশ্বাস দিয়ে ৰঙিয়া বিদ্যুৎ বিভাগৰ দুয়োটা কাৰ্য্যালয়ৰ বিষয়াই। গতিকে তেওঁলোকৰ এই আশ্বাসে ৰঙিয়াবাসীৰ সমস্যাৰ ওপৰত কি দৰে প্ৰভাৱ পেলাব অনাগত সময়ত ই আৰু অধিক লক্ষ্যণীয় হৈ পৰিব।
লগতে পঢ়ক :WATCH | Rangia News : ৰঙিয়াত ব্যক্তিগত চিকিৎসালয়ৰ মইমতালি