WATCH | Rangia News : ৰঙিয়াত ব্যক্তিগত চিকিৎসালয়ৰ মইমতালি
ৰঙিয়া,৩১মে’ : এইবাৰ ৰঙিয়াত ব্যক্তিগত চিকিৎসালয়ৰ মইমতালি। ভুল চিকিৎসাৰ অভিযোগত জীৱন-মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
ৰঙিয়াৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় স্বস্তি হস্পিতালত ভুল চিকিৎসাৰ বলি হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে পশু চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্বৰু কলিতা ।
ভুক্তভোগী দম্বৰু কলিতাৰ অভিযোগৰ ভিত্তিত জানিব পৰা গৈছে যে এই ঘটনাই তেওঁৰ জীৱনত গুৰুতৰ সংকটৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা বৃহস্পতিবাৰে দম্বৰু কলিতাই নিজৰ স্বাস্থ্য সমস্যাৰ চিকিৎসাৰ বাবে পৰিয়ালৰ সৈতে ৰঙিয়াৰ স্বস্তি হস্পিতালত উপস্থিত হৈছিল । চিকিৎসকে তেওঁৰ অৱস্থা পৰীক্ষা-নিৰীক্ষাৰ পিছত প্ৰতি আঠ ঘণ্টাৰ মুৰে মুৰে এটাকৈ ইঞ্জেকশন চেলাইনৰ জৰিয়তে প্ৰদান কৰাৰ নিৰ্দেশ দিছিল । প্ৰথমাৱস্থাত নাৰ্চে চিকিৎসকৰ নিৰ্দেশ মানি চেলাইনৰ মাধ্যমত ইঞ্জেকশন প্ৰদান কৰিছিল । কিন্তু সন্ধিয়াৰ ভাগত শৰ্মা উপাধিৰ এগৰাকী কৰ্মচাৰীয়ে চিকিৎসকৰ নিৰ্দেশ উপেক্ষা কৰি চেলাইনৰ সলনি প্ৰত্যক্ষভাৱে ইঞ্জেকশন প্ৰদানৰ প্ৰয়াস কৰে(Rangia News)।
দম্বৰু কলিতাই এই পদ্ধতিৰ বিৰোধিতা কৰিলেও কৰ্মচাৰীগৰাকীয়ে তেওঁৰ আপত্তি অগ্ৰাহ্য কৰি ইঞ্জেকশন প্ৰদান কৰে । এই ঘটনাৰ পিছত দম্বৰু কলিতা ঘৰলৈ উভতি অহাৰ পিছত তীব্ৰ অসুস্থ হৈ পৰে । তেওঁৰ স্বাস্থ্যৰ অৱস্থা এনেদৰে অৱনতি ঘটে যে তেওঁক পুনৰ স্বস্তি হস্পিতালত ভৰ্তি কৰিবলগীয়া হয় ।
পৰিস্থিতিৰ গুৰুত্ব বিবেচনা কৰি তেওঁক পিছত আইচিইউত স্থানান্তৰ কৰা হয়, য’ত তেওঁ জীৱন-মৃত্যুৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছিল। এই ঘটনাই স্বস্তি হস্পিতালৰ কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতা আৰু হস্পিতাল কৰ্তৃপক্ষৰ অৱহেলাৰ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। দম্বৰু কলিতাই হস্পিতালৰ এই অব্যৱস্থাপনা আৰু কৰ্মচাৰীৰ ভুলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ।
এই ঘটনাই ৰঙিয়াৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ মানদণ্ডৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰাৰ লগতে স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত অধিক দায়িত্বশীলতা আৰু স্বচ্ছতাৰ প্ৰয়োজনীয়তা উজ্জ্বল কৰিছে। ৰঙিয়াৰ স্থানীয় যুৱচামৰ মাজতো এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সকলোৱে ভুক্তভোগীৰ স্বাস্থ্যৰ উন্নতিৰ কামনা কৰাৰ লগতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে হস্পিতাল প্ৰশাসনৰ পৰা সঠিক তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
লগতে পঢ়ক : WATCH | Boko News : ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি