Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়া মহাবিদ্যালয়ৰ নিচেই সমীপতে থকা সুৰাৰ বিপণীক লৈ অতিষ্ঠ ছাত্ৰ সমাজ

ৰঙিয়া,২৯মে’ : এইবাৰ সুৰাৰ বিপণী বন্ধ কৰাৰ বাবে গৰজি উঠিল‌ ছাত্ৰ সমাজ। ৰঙিয়া মহাবিদ্যালয়ৰ নিচেই সমীপতে স্থাপিত সুৰাৰ বিপণীক লৈ অতিষ্ঠ ছাত্ৰ সমাজ।কেৱল মাত্ৰ ব্যৱসায়িক স্বাৰ্থত বিনষ্ট শৈক্ষিক পৰিৱেশ(Rangia News)।

সন্ধিয়া হ’লেই সুৰাৰ আদ্দাত পৰিণত অঞ্চলটোকলৈ তীব্ৰ ক্ষোভ ছাত্ৰ সন্থা তথা সচেতন মহলৰ। অচিৰেই সুৰাৰ বিপনী দুখন বন্ধৰ দাবী ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ আছু গোটৰ।

উল্লেখ্য যে, ঐতিহ্যমণ্ডিত ৰঙিয়া মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী তথা সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশক সম্পূৰ্ণ বিনষ্ট কৰি সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰি চৰকাৰ তথা প্ৰশাসনে দুখনকৈ সুৰাৰ বিপণী কলেজখনৰ পৰা ১১০ মিটাৰৰ ভিতৰতে স্থাপন কৰিবলৈ অনুমতি দিয়ে।

যাৰ ফলত খঙত টিঙিৰি তুলা হৈ পৰিছে ৰঙিয়াৰ ছাত্ৰ সমাজকে ধৰি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু সচেতন নাগৰিক সকল।

লগতে পঢ়ক : WATCH | Dalgaon News : দলগাঁৱত উচ্ছেদ চলালে প্ৰশাসনে