WATCH | Rangia News : ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিব আহি ৰোগীৰ মাজত হাহাকাৰ

ৰঙিয়া,২৮মে’ : ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিব আহি ৰোগীৰ মাজত হাহাকাৰ।
আভা এপে এতিয়া জলা কলা খোৱাইছে ৰোগীসকলক। আনকি চিকিৎসা কৰিব আহি ঘৰমুখী হ’বলগীয়া হৈছে ৰোগীসকল।
গতিকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ আহোতে আপুনি লগত লৈ আহিব আপোনাৰ আধাৰ কাৰ্ড খন আৰু android মোবাইলটো নহ’লে আপুনি কৰিব নোৱাৰিব নিজৰ চিকিৎসা।
ৰাজ্যত স্বাস্থ্য বিভাগে মুকলি কৰা আভা এপ কাৰ্য্যকৰী হোৱাৰ লগে লগে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে সাধাৰণ জনতা। বিশেষকৈ মোবাইলৰ ব্যৱহাৰ নজনা গাঁৱলীয়া তথা বয়োজ্যেষ্ঠ লোকসককে চিকিৎসা কৰিব নোৱাৰি ওভতিব লগা হৈছে ঘৰ অভিমুখে। গতিকে ইয়াৰ পিছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে এইসকল লোক তথা ৰোগীসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সময়ত ই আৰু অধিক লক্ষ্যণীয় হৈ পৰিব(Rangia News)।
লগতে পঢ়ক : WATCH | Sensational incident : কলকাতাত উদ্ধাৰ নগাঁৱৰ যুৱকক ছিন্নমুণ্ড