Local, Vocal, Global

WATCH | Rangia News : বিকশিত অসমৰ উন্নয়নৰ ছবি

নিউজ ডেস্ক,২৭মে’ : কোন দিশে অস্ত্ৰ লক্ষ্মীৰ উন্নয়ন? কেতিয়া ভাৰতবৰ্ষৰ পাঁচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰাজ্য হ’ব অসম? অষ্টলক্ষ্মী বুলি অসমৰ উন্নয়নৰ জীয়া ছবি দেখুৱাম আজি !

উন্নয়ন, বিকশিত অসম আৰু অসমক ভাৰত‌ বৰ্ষৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ শ্লোগানেৰে শাসনৰ গাদীত বহিছিল বিজেপ নেতৃত্বাধীন দল আৰু চৰকাৰ।

অসমক অষ্টলক্ষ্মীৰ সতে তুলনা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰীয়ে ডিঙিৰ শিৰ ফুলাই কয় ভাৰত‌ বৰ্ষৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত নাম থাকিব অসমৰ।

পিছে মুখ্যমন্ত্ৰী মহোদয়,আজি আপোনাক দেখুৱাম আপোনাৰ অষ্ট লক্ষ্মী আৰু সৰ্বশ্ৰষ্ঠ ৰাজ্য কৰিব বিচৰা এইখন অসমৰে উন্নয়নৰ এক জীয়া ছবি। চাওক মুখ্যমন্ত্ৰী মহোদয়,আপোনাৰ বিকশিত অসমৰ এয়া এক লজ্জাজনক ছবি। এয়া কোনো জকাই চুকৰ দৃশ্য নহয়।

নৱগঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰমচুং গাঁৱৰ দৃশ্য এয়া। যি সময়ত ভাৰতবৰ্ষৰ চন্দ্ৰযানে চন্দ্ৰ পৃষ্ঠাত ভৰি থৈছে সেই সময়তো এইখন বিকশিত অসমৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আদিপাঠ শিকাৰ একমাত্ৰ সম্বল এইখন টুলুঙা নাও(Rangia News)।

ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা আৰু মুখ্যমন্ত্ৰী মহোদয় ভালদৰে চাওক কিদৰে কিদৰে জীৱনটো হাতৰ মুঠিত লৈ এইসকল ছাত্ৰ ছাত্ৰীয়ে নিতৌ এই টুলুঙা নাও খনেৰে অহা-যোৱা কৰে বিদ্যালয়লৈ। ১৯৭০ চনতে চৰকাৰী স্বীকৃতি প্ৰাপ্ত এই গৰমচুং নৈৰ ঘাটে আজোকপতি নাপালে এখন দলং।। যাৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

এই দুৰ্ভগীয়া ছাত্ৰ ছাত্ৰী সকলৰ মুখ্য মন্ত্ৰী মামালৈ জনাইছে আহ্বান। মামা আমাক এখন দলং লাগে। আমাক এখন দলংৰ ব্যৱস্থা কৰি দিয়ক। এই শ্লোগাৰে কণ কণ ছাত্ৰ ছাত্ৰী সকলে নৈৰ ঘাটত দিছে শ্লোগান। যি সময়ত চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰি ব্যয় কৰিছে ৰাজকোঁষৰ কোটি কোটি টকা তেনে সময়ত এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে চিন্তা কৰিবলৈ সময় হ’বনে বিধায়ক ভবেশ কলিতা কিম্বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষ্যনীয়।

লগতে পঢ়ক : WATCH | One death due to electrocution : লামডিংত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী ৪৫ বছৰীয়া ব্যক্তিৰ