Local, Vocal, Global

WATCH | Rangia News : অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া

ৰঙিয়া,২৭মে’ : এইবাৰ উজনি অসমৰ চোৰে বাহৰ পাতিছে নামনি অসমৰ ৰঙিয়াত। অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া। প্ৰতিদিনেই এটাৰ পিছত এটাকৈ অপৰাধজনিত কাৰ্য্য কালাপে জোকাৰিছে সমগ্ৰ ৰঙিয়া।

যাৰ বাবে আতংকিত হৈ পৰিছে ৰঙিয়াবাসী। এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত বাইক চোৰ যোৰহাটৰ আব্বাচ আহমেদ। উদ্ধাৰ এখন চুৰি বাইক।ৰঙিয়া থানাৰ টাউন পৰিদৰ্শক বিষ্ণু জ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি দলে অভিযান চলাই ৰঙিয়াৰ পৰা আটক কৰে যোৰহাট জিলাৰ অন্তৰ্গত টিয়ক থানাৰ কাকজান মাজগাওৰ আব্বাচ আহমেদ নামৰ বাইক চোৰটোক(Rangia News)।

ধৃত চোৰটোৱে চুৰি কৰি লৈ যোৱা AS-01-DB-5277 নম্বৰৰ হিৰো গ্লেমাৰ বাইক খন ছিপাঝাৰৰ এটি পেট্ৰ’ল পাম্পৰ সমীপত এৰি থৈ পলায়ন কৰি পুনৰ ৰঙিয়াত আত্মগোপন কৰে।

উল্লেখ্য যে, যোৱা ২০ মে’ত ৰঙিয়াৰ ইণ্ডিয়া গেটৰ পৰা চুৰি হৈছিল উক্ত বাইকখন। বৰ্তমান অধিক তথ্যৰ বাবে ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে।

লগতে পঢ়ক : WATCH | Rainbow : কাজিৰঙাৰ আকাশত ৰামধেনুৰ ৰং