WATCH|Rangia News: ৰঙিয়াত যুৱ কংগ্ৰেছৰ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
ৰঙিয়া,২০ফেব্ৰুৱাৰী : ড্ৰাগছৰ কৰাল গ্ৰাসত এতিয়া ৰঙিয়া।এইবাৰ ৰঙিয়াত যুৱ কংগ্ৰেছৰ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
আজি ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা ৰঙিয়া নগৰৰ মাজেৰে যুৱ কংগ্ৰেছ আৰু NSUI ৰ সদস্যসকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰে। যুৱ কংগ্ৰেছী আৰু NSUI ৰ সদস্যসকলে হাতে হাতে ড্ৰাগছ বিৰোধী প্লেকাৰ্ড লৈ বিভিন্ন ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়াৰ পৰিবেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদৰ অন্তত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে(Rangia News)।