Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়াৰ মবিদুল ইছলাম বৰ্তমান উঠি অহা যুৱক যুৱতীসকলৰ বাবে হৈ পৰিছে এক আদৰ্শৰ স্বৰূপ

ৰঙিয়া,২৫মে’ : সমৰ কলাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা ৰঙিয়াৰ মবিদুল ইছলাম বৰ্তমান উঠি অহা যুৱক যুৱতী সকলৰ বাবে হৈ পৰিছে এক আদৰ্শৰ স্বৰূপ। তেওঁৰ প্ৰয়াস ৰঙিয়াৰ যুৱক যুৱতী সকলক যাতে অলিম্পিকলৈ লৈ যাব পাৰে সেই উদ্দেশ্যে তেওঁ ৰঙিয়া চহৰত আৰম্ভ কৰিছে Kung Fu, Jeet Kune Do, Wushu Sports, Kick Boxing ৰ ওপৰত এটি আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ(Rangia News)।

এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ পৰা প্ৰশিক্ষণ লৈ যুৱতী যুৱতীসকলে ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মবিদুল ইছলামে।

আনহাতে যিটো সময়ত একাংশই গছ বন সমূহ কাটি পৰিবেশ ধ্বংশ কৰি আহিছে সেই সময়তে মবিদুল ইছলামে পৰিবেশ‌ সৃষ্টি কৰাৰ উদ্দেশ্যে চলাইছে এক অভিনৱ প্ৰচেষ্টা তেওঁ অসমবাসী তথা ৰঙিয়া বাসীক এটাই আহ্বান জনাইছে যে খোৱা ফল মূল সমূহৰ বীজ সমূহ পেলাই নিদি সংৰক্ষণ কৰি মন্দিৰ, মছজিদ,কৱৰস্থানকে ধৰি বিভিন্ন ঠাইত ৰোপণ কৰিবলৈ যাতে অসমৰ বিভিন্ন ঠাই গছ বনেৰে সেউজীয়া হৈ পৰে।

গতিকে গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে জীৱ জন্তু চৰাই চিৰিকটি থাকিব। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মবিদুল‌ ইছলামৰ এই প্ৰশংসনীয় প্ৰদক্ষেপে যথেষ্ট উৎসাহিত কৰি তুলিব অসমবাসী তথা ৰঙিয়া বাসীক।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs : জাগীৰোডত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক ব্যৱসায়ী