Local, Vocal, Global

WATCH | Rangia News : পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্ম গোপন ছাদ্দামৰ

ৰঙিয়া,২৩মে’ : এই যুৱক জনৰ খবৰ দিলেই ১ লাখ টকা দিয়া হ’ব আপোনাক। ভালকৈ মনত ৰাখক এই যুৱকজনক। পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মগোপন ছাদ্দাম নামৰ এই যুৱকজনৰ। এতিয়া পত্নীয়ে ছাদ্দামক বিচাৰি নাপাই পোষ্টাৰ আৰু সংবাদমাধ্যমৰ জড়িয়তে ১ লাখ টকাৰ উপহাৰ ঘোষনা কৰিছে।

ৰব কাহিনী ইয়াতেই শেষ হোৱা নাই। কাহিনীত আছে।

এইখন অসমত কি যে নহয় আৰু। এইগৰাকী পত্নীৰ নিতৌ অত্যাচাৰ,অশ্লীল গালি, শাৰিৰীক আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰায় ছয়মাহ ধৰি আত্মগোপন কৰি আছে স্বামী ছাদ্দাম হুছেইন ওৰফে মণি। স্বামীক বিচাৰি পত্নীৰ ১ লাখ টকাৰ উপহাৰ। পত্নীৰ এই ১ লাখ টকাৰ উপহাৰৰ খবৰ পায়েই হঠাত ফেচবুক লাইভত আহিল স্বামী ছাদ্দাম হুছেইন। ফেচবুক লাইভত আহি পত্নীৰ বিৰুদ্ধে অভিযোগ তুলি কয়(Rangia News)।

পৰপৰুষৰ লগত প্ৰেমত মগ্ন মোৰ পত্নী। ৰঙিয়া নগৰৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছে পত্নীৰ

আৰু এই ঘটনাৰ কাৰণে নিতৌ পত্নীৰ অত্যাচাৰৰ বলি হৈছিল ছাদ্দামে। কেৱল অত্যাচাৰে নহয় পত্নীয়ে মাৰধৰ কৰা শৰীৰত আঘাতৰ চিন দেখুৱাই দিলে কেমেৰাৰ আগত। উপায়ন্তৰ হৈ ছাদ্দামে পত্নীৰ লগত সম্পৰ্ক শেষ কৰাৰ কাৰণে ৬ মাহ আত্মগোপন কৰি থাকিব লগা হৈছিল আৰু ৬ মাহ জেলতো যাব লগা হৈছিল। জেলৰ পৰা জামিন পাইও ছাদ্দামৰ অন্ত পৰা নাই দুৰ্দশাৰ । জেলৰ আগত পত্নীয়ে পৰিয়ালে গুণ্ডাবাহিনী ছিয় কৰাই একপ্ৰকাৰ কিডনেপ কৰাৰ কাৰণে অপেক্ষা কৰিছিল। কিন্তু ছাদ্দামে বোৰ্খা পৰিধান কৰি লুকুৱাই আহিবলৈ সক্ষম হয়।

তাৰপাছতেই পত্নীয়ে ছাদ্দামক বিচাৰি ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে। কোন সঁচা কোন মিছা সেইয়া আইন আৰু আদালতৰ ওপৰত নিৰ্ভৰ কৰিব।কিন্তু এই ঘটনাই সমগ্ৰ ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এফালে পত্নীৰ পৰিয়ালৰ পুৰস্কাৰৰ ঘোষণা,আনফালে চাদ্দামৰ গুৰুতৰ অভিযোগে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । সত্যৰ উন্মোচনৰ বাবে সকলোৰে দৃষ্টি এতিয়া আইনী প্ৰক্ৰিয়াৰ ওপৰত।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs : সোণাৰিত নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী