Local, Vocal, Global

WATCH | Rangia News : ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে বহিৰাগত কোম্পানীৰ দপদপণি

ৰঙিয়া,২২মে’ : ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে বহিৰাগত কোম্পানী সমূহৰ দপদপণি। চলিছে অসমীয়া থলুৱাৰ ওপৰত দৈনিক অত্যাচাৰ তথা নিৰ্যাতন। এই সমূহ বহিৰাগত কোম্পানীক নাকি লগাব কোনে।

অসমত অসমীয়াৰ যেন মূল্য নোহোৱা হৈ পৰিছে। এইবাৰ ৰঙিয়া থানাত শ শ থলুৱা কৰ্মচাৰীৰ এজাহাৰ দাখিল বহিৰাগত কোম্পানীৰ বিৰুদ্ধে।ৰাজ্যত পুণৰ বহিৰাগত কোম্পানীৰ দপদপনি, দুলিয়াজানৰ পিছত এইবাৰ ৰঙিয়াত বহিৰাগত বণিয়াই কামৰ পৰা ওলিয়াই দিলে ৪৫ জনকৈ থলুৱা কৰ্মচাৰীক(Rangia News)।

পুনৰ বিতৰ্কত ৰঙিয়া মৰণজানাৰ KD IRON কোম্পানী। পূৰ্বতে লোহা চোৰ কৰি বাতৰিৰ শিৰোনাম দখল কৰা KD IRON কোম্পানী আকৌ বিতৰ্কত।

অভিযোগ অনুসৰি যোৱা ১৯ মে’ তাৰিখে ৰঙিয়াৰ মৰণজানাত অৱস্থিত বহিৰাগত বিনিয়াৰ দ্বাৰা প্ৰচলিত KD IRON নামৰ কোম্পানীটোৰ মালিক দিলীপ গয়েংগা আৰু মেনেজাৰ অনিল গয়েংগাই কোম্পানীৰ প্ৰদাক্সন কম হোৱাৰ বাবে কোম্পানীটোৰ সমুহ কৰ্মচাৰীক কোনো জাননী নিদিয়াকৈ কৰ্মৰ পৰা অব্যাহতি দিয়ে। কৰ্মৰ পৰা অব্যাহতি দিয়াৰ উপৰিও কৰ্মচাৰী সকলক কেইবা দিনৰ মাননিও দিয়া নাই কোম্পানীটোৱে। লগে লগে ক্ষোভিত কোম্পানীটোৰ কৰ্মচাৰী সকলে ৰঙিয়া থানাত উপস্থিত হৈ কোম্পানীটোৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।

লগতে কৰ্মচাৰী সকলে সংবাদ মাধ্যমক জনাই যে কোম্পানীৰ মালিক দিলীপ গয়েংগা আৰু মেনেজাৰ অনিল গয়েংগাই ভয় ভাবুকিৰে কৰ্মচাৰী সকলক নিজ নিজ কৰ্মৰ পৰা কোনো জাননী নিদিয়াকৈ অব্যাহতি দিয়ে। কোম্পানীটোৰ বণিয়া কৰ্মচাৰী সকলে চৰকাৰৰ নিতিনিয়ম অমান্য কৰি থলুৱা কৰ্মচাৰী সকলক কৰ্মৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

লগতে পঢ়ক : WATCH | Sumi Borah: কেতিয়া মুকলি আকাশৰ তললৈ আহিব চুমি বৰা?