WATCH | Rangia News : অপৰাধীৰ ঘাটিত পৰিণত হৈছে ৰঙিয়া
ৰঙিয়া,২০মে’ : অপৰাধীৰ ঘাটিত পৰিণত হৈছে ৰঙিয়া। ৰঙিয়াত ছাগলী চোৰ আৰু বেটাৰী চোৰৰ সন্ত্ৰাস।
প্ৰতিদিনেই এটাৰ পিছত এটাকৈ অপৰাধ জনিত কাৰ্য্য কলাপে জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া। এইবাৰ ৰঙিয়াত সন্ত্ৰাস চলাইছে ছাগলী চোৰ আৰু বেটাৰী চোৰে ।
এইবাৰ ৰঙিয়া মূৰাৰাত ছাগলী চোৰ কৰিব আহি ৰাইজৰ ৰোষত পৰিল ছাগলী চোৰ। ধুবুৰীৰ হজৰত আলীয়ে ৰঙিয়াত আহি চুৰি কৰিব বিচাৰিছিল এইটো ক’লা ৰঙৰ ছাগলী কিন্তু ভৱা কথা নহ’ল সিদ্ধি হজৰত আলীৰ(Rangia News)।
ৰাইজে ধৰি উত্তম মাধ্যম সোধালে ছাগলী চোৰ হজৰত আলীক। ইফালে চুইফট বাহন লৈ গাড়ীৰ বেটাৰী চুৰি কৰি ৰঙিয়ালৈ আনিছিল দুই চোৰে। বৰপেটা জিলাৰ গোলাপ হুছেইন আৰু জেহেৰুল ইছলামে নাগ্ৰীজুলিৰ সমীপৰ ডিমাকুছিৰ পৰা চুৰি কৰি আনিছিল চাৰিটাকৈ বেটাৰী। সম্প্ৰতি তিনিওটা চোৰ ৰঙিয়া আৰক্ষী থানাৰ আলহী।
লগতে পঢ়ক : WATCH | Sensational incident : প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি হৈ প্ৰেমিকাৰ আত্মাহত্যা!