Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়াত এগৰাকী মহিলাৰ প্ৰশংসনীয় প্ৰদক্ষেপ

ৰঙিয়া,১৮মে’ : ৰঙিয়াত এগৰাকী মহিলাৰ প্ৰশংসনীয় প্ৰদক্ষেপ। নিজৰ পুত্ৰৰ জন্মদিন নিজ ঘৰত উদযাপন নকৰি উদযাপন কৰিলে ৰঙিয়াৰ ৰাজপথত।

ৰঙিয়া সমজিলাৰ অন্তৰ্গত পূৰাণবুৰ্কা সত্ৰৰ মামণি তালুকদাৰ‌‌ নামৰ এই স্বামী হাৰা মহিলাগৰাকীৰ কথা। আজি নিজ‌ পুত্ৰৰ জন্মদিনত নিজ ঘৰত জন্মদিন‌‌ উদযাপন‌ নকৰি ৰঙিয়াৰ পদ পথত থকা মগনীয়া সকলক এখাজ অন্ন দান কৰি তেওঁ এনেদৰে উদযাপন কৰিলে নিজৰ পুত্ৰৰ জন্মদিন‌ যাক লৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে এই মহিলা গৰাকীয়ে।যিটো সময়ত একাংশ পিতৃ মাতৃয়ে নিজ সন্তানৰ জন্মদিন পতাৰ নামত বিভিন্ন ধৰণে হাজাৰ হাজাৰ টকা ব্যায় কৰি আহিছে সেই সময়তে এই মহিলাগৰাকীয়ে সমাজত দাঙি ধৰিছে আদৰ্শৰ এক‌ উৎকৃষ্ট নিদৰ্শন(Rangia News)।

মহিলা গৰাকীৰ এই আদৰ্শই যথেষ্ট উৎসাহিত কৰি তুলিব পিতৃ তথা মাতৃ সকলক।

লগতে পঢ়ক : WATCH | Dergaon News : বিশ্ব শান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাত শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ