Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়াত বুজন পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী

ৰঙিয়া,১৭মে’ : ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী ।

ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ওদালগুৰিৰ এজন গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত গাঞ্জা সৰবৰাহকাৰীজন হৈছে ওদালগুৰি থানাৰ অন্তৰ্গত ফোহাবাৰী গাঁৱৰ মনোজ সিং। গাঞ্জা সৰবৰাহকাৰীটোৰ পৰা ৩ কেজি ৬৫০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে তেওঁৰ স্কুটিখনো জব্দ কৰা হৈছে(Rangia News)।

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথে সংবাদ মাধ্যমক জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত জানিব পৰা গৈছিল যে এজন গাঞ্জা সৰবৰাহকাৰীয়ে স্কুটিৰে ৰঙিয়া নগৰৰ মাজেৰে গাঞ্জা কঢ়িয়াই নিছে । এই তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে তৎক্ষণাৎ কাৰ্য্যক্ষেত্ৰত নামি ৰঙিয়াৰ সাহান গাঁৱৰ পথত স্কুটিখন আগচি ধৰে । স্কুটিখনৰ তালাচী চলোৱাৰ সময়ত ডিকিৰ পৰা ৩.৬৫ কেজি গাঞ্জা উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে লগে লগে মনোজ সিঙক গ্ৰেপ্তাৰ কৰে আৰু গাঞ্জা সৰবৰাহত ব্যৱহৃত AS 27 B 8924 নম্বৰৰ স্কুটিখন জব্দ কৰে ।

উল্লেখযোগ্য যে, ৰঙিয়া আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে সক্ৰিয় অভিযান অব্যাহত ৰাখিছে । যোৱা সপ্তাহতো একেধৰণৰ অভিযানত ৰঙিয়াৰ তিনিআলিত এখন মেজিক ভানৰ পৰা এগৰাকী মহিলাৰ হাতৰ পৰা গাঞ্জা উদ্ধাৰ কৰা হৈছিল । সেই ঘটনাত মহিলাগৰাকীৰ লগতে গাড়ীৰ চালকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল । ৰঙিয়া আৰক্ষীৰ এই নিৰন্তৰ প্ৰচেষ্টাই অঞ্চলটোত মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে । মনোজ সিঙক জেৰা কৰি গাঞ্জাৰ উৎস আৰু সৰবৰাহৰ শৃংখল সম্পৰ্কে অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : WATCH | Bhupen Kumar Borah : কি আচৰিত ! ভূপেন বৰাৰ সপোনৰ কথা জানে মুখ্যমন্ত্ৰীয়ে