Local, Vocal, Global

WATCH | Rangia News : মানৱতা যেন হেৰাই গৈছে ক্ৰমশঃ

ৰঙিয়া,১৪মে’ : দিনক দিনে মানৱতা যেন নোহোৱা হৈ পৰিছে আজিৰ সমাজত। এইবাৰ এখন চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসকে তেওঁৰে চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক নিজৰ দেউতাকৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ নিদিলে চুটি।

ইয়াৰ বিপৰীতে বাইহাটা চাৰিআলিৰ ভূপেন নাথ নামৰ এই গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে উক্ত প্ৰতিস্থান খনৰ চিকিৎসকে। ঘটনাৰ স্থান কামৰূপ জিলাৰ জালুকবাৰীৰ সমীপৰ লংকেৰ শ্বৰৰ(Rangia News)।

অমেগা আই ক্লিনিক এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন ক্লিনিকৰ চকু চিকিৎসক ডাক্তৰ ৰুমুল কুমাৰ দাস আৰু ডাক্তৰ প্ৰতিমা ৰয় দাসে সংঘটিত কৰে এই অমানৱীয় কাণ্ড। এই চিকিৎসা কেন্দ্ৰটোত যোৱা বিগত ২০১৫ চনৰ পৰা কৰ্মৰত আছিল ভূপেন নাথ। কিন্তু যোৱা ৬ মে ‘ তাৰিখত ভূপেন নাথৰ পিতৃৰ মৃত্য হোৱাত চুটি বিচাৰি অনুৰোধ কৰিছিল চিকিৎসা প্ৰতিস্থান খনৰ চিকিৎসক ডাক্তৰ প্ৰণিতা ৰয়ক, কিন্তু এই দানৱ ৰূপী চিকিৎসক গৰাকীয়ে সময়তে নিদিলে চুটি। ভূপেন নাথক ধুতি চুৰীয়া খুলি পেণ্ট ছাৰ্ট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাৰ বাবে নিৰ্দেশ দিয়ে।

কিন্তু ভূপেন নাথে তেনেকৈ কাম কৰিব নোৱাৰে বুলি কলে। অৱশেষত কৰ্মচাৰী গৰাকীয়ে দেউতাকৰ শ্ৰাদ্ধত নিমন্ত্ৰণ দিবলৈ যাওঁতে ভূপেন নাথক লগে লগে কামৰ পৰা উলিয়াই দিয়ে । এতিয়া কথা হল,এনেবোৰ দানৱ ৰূপী চিকিৎসকক নাকি লগাব পাৰিব নে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে লগতে ভূপেন নাথে ন্যা়য় পাব নে?

লগতে পঢ়ক : WATCH | Gossaigaon News : পাকিস্তান জিন্দাবাদ পোষ্ট-কমেন্ট কৰা সকলৰো আছে সমৰ্থক!