Local, Vocal, Global

WATCH | Rangia News: ৰঙিয়াৰ ৰে’লপথত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ

ৰঙিয়া,১৯ফেব্ৰুৱাৰী : মঙলবাৰে ৰঙিয়াৰ ৰে’লপথত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ। ৰঙিয়াৰ চিৰাখুন্দি অঞ্চলৰ ৰেলপথত এই শিহৰণকাৰী ঘটনা। যুৱকজন ১০নং ৱাৰ্ডৰ অনুৰাগ বড়ো (২৬) বুলি জানিব পৰা গৈছে ।

প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত অনুমান কৰা হৈছে ৰঙিয়াৰ পৰা ডেকাৰ গাঁও অভিমুখী ৫৫৮৬১ নম্বৰৰ ৰেলখনে যুৱকজনক মহতিয়াই নিয়ে(Rangia News)। ঘটনা সন্দেহজনক হোৱাত ৰেল আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি ইতিমধ্যেই প্ৰয়োজনীয় তদন্ত অব্যাহত ৰাখিছে । অনুৰাগ বড়োৰ আকস্মিক মৃত্যুৰ খবৰ স্থানীয় ৰাইজৰ মাজত বিয়পি পৰাৰ লগে লগে শোকৰ ছাঁ পৰে সমগ্ৰ আঞ্চলত। আৰক্ষীয়ে ইতিমধ্যেই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । এই সমগ্ৰ ঘটনা আত্মহত্যা নে হত্যা, সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই । আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ সমগ্ৰ ৰহস্য।

লগতে পঢ়ক: WATCH | Ali Aye Ligang:আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং