Local, Vocal, Global

WATCH | Rangia News : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক উপেক্ষা কৰিলে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই

ৰঙিয়া,১১মে’ : অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক উপেক্ষা কৰিলে ৰঙিয়াৰ বিধায়ক তথা বিজেপি নেতা ভৱেশ কলিতাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ স্পষ্ট আহ্বানক অমান্য কৰি নিৰ্বাচনৰ কাউণ্টিং হলত প্ৰৱেশ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে ।

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ কাউণ্টিং প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতা বজাই ৰাখিবলৈ কোনো বিধায়ক, সাংসদ বা মন্ত্ৰীৰ কাউণ্টিং হলত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল(Rangia News)।

কিন্তু ভৱেশ কলিতাই এই আহ্বান উপেক্ষা কৰি বিজেপিৰ প্ৰায় দহ গৰাকী নেতা-কৰ্মীৰ সৈতে কাউণ্টিং হলত প্ৰৱেশ কৰে । যাৰ ফলত ৰঙিয়াৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাই স্থানীয় লোকৰ মাজতো ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে । বহুতে ভৱেশ কলিতাৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি অসন্মান প্ৰকাশ বুলি অভিহিত কৰিছে ।

সামাজিক মাধ্যমতো এই বিষয়ে তীব্ৰ আলোচনা চলি আছে, য’ত কিছুমানে কলিতাৰ বিৰুদ্ধে দলীয় শৃংখলা ভংগৰ অভিযোগ উত্থাপন কৰিছে । এই পৰিপ্ৰেক্ষিতত বিজেপিৰ জেষ্ঠ নেতা ভৱেশ কলিতাৰ এই পদক্ষেপে দলৰ অভ্যন্তৰীণ ঐক্য আৰু শৃংখলাৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি কৰিছে । ঘটনাৰ পিছতে স্থানীয় ৰাইজে এই বিষয়ে দলৰ শীৰ্ষ নেতৃত্বৰ পৰা প্ৰতিক্ৰিয়াৰ অপেক্ষা কৰিছে ।

এতিয়ালৈকে ভৱেশ কলিতাৰ তৰফৰ পৰা এই বিষয়ে কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ পোৱা নাই । কিন্তু এই ঘটনাই ৰঙিয়াৰ নিৰ্বাচনী পৰিৱেশত নতুন মাত্ৰা যোগ কৰিছে, আৰু ইয়াৰ পৰিণতি কি হ’ব, সেয়া সময়তহে স্পষ্ট হ’ব।

লগতে পঢ়ক : WATCH | Heated situation : নগাঁৱৰ ভোটগণনা কেন্দ্রত উত্তপ্ত পৰিস্থিতি