WATCH | Rangia News : তন্ত্ৰ মন্ত্ৰৰ কৱলত ৰঙিয়াৰ যুৱক-যুৱতী
নিউজ ডেস্ক,৬মে’ : মৃত্যুৰ পূৰ্বেই কৱৰৰ ভিতৰত দুই যুৱক-যুৱতী। শুনিলে আচৰিত হ’ব আপুনিও। তন্ত্ৰ মন্ত্ৰৰ কৱলত ৰঙিয়াৰ যুৱক-যুৱতী।
প্ৰেমৰ বাবেই আজিৰ যুৱক যুৱতীয়ে কোনটো পৰ্যায়ত যাব পাৰে এই ঘটনা শুনিলে আচৰিত হৈ উঠিব আপুনি।
বিজ্ঞান প্ৰযুক্তিৰ সময়ত কলা যাদুক বিশ্বাস কৰি আহিছে একাংশই। ৰঙিয়াত কৱৰৰ ভিতৰত উদ্ধাৰ দুই যুৱক-যুৱতীৰ ফটো(Rangia News)।
এতিয়া আপুনি ভাবিছে কৱৰৰ ভিতৰত ফটো হে উলিয়াইছে এইয়া নো কি ডাঙৰ কথা। হয় আপুনি সচাই ঠিকেই ভাবিছে। পিছে ৰব এইবাৰ ঘটনা অলপ বেলেগ। প্ৰেয়সীক পাবলৈ তন্ত্ৰ-মন্ত্ৰৰ জড়িয়তে এজন যুৱকে নিজৰ প্ৰেয়সীক নাম লিখি টেমা এটা ভৰাই পেলাই দিলে কৱৰৰ ভিতৰত। এই টেমাটোৰ ভিতৰতেই অসমীয়াত লিখা আছে।
ভৱেন শৰ্মাৰ ল’ৰা নৱজ্যোতি কাশ্যপৰ প্ৰেমত বলীয়া হওক বন্দনা দেৱীৰ ছোৱালী। পিতৃৰ কৱৰৰ চাফা কৰিব গৈ এইজন যুৱকে প্ৰতক্ষ্য কৰে এটা টেমা। টেমাটো খুলি দেখিলে অসমীয়া ভাষাত লিখা আছে ভৱেন শৰ্মাৰ ল’ৰা নৱজ্যোতি কাশ্যপৰ প্ৰেমত বলীয়া হওক বন্দনা দেৱীৰ ছোৱালী। লগে লগেই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হয়।
কোনে এই কাণ্ড কৰিলে? কাৰ নিৰ্দেশত এই কাণ্ড কৰিলে এতিয়াও ৰহস্যৰ আৱৰ্তত?
লগতে পঢ়ক : WATCH | Election violence : নিৰ্বাচনী হিংসা !বিজেপিক ভোট নিদিয়াৰ বাবেই মৰিয়াই হত্যাৰ চেষ্টা দুই ভাতৃক