WATCH | Rangia News : ৰঙিয়াত দিনৰ পোহৰতে ডকাইতি কাণ্ড
ৰঙিয়া,৬মে’ : নিৰ্বাচনৰ প্ৰচাৰত আৰক্ষী ব্যস্ত হোৱাৰ সুযোগ বুজি ডকাইতৰ দলে চলালে লুট পাট। যেন চিনেমাৰ শ্বটিং হে। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত দিনৰ পোহৰতে ডকাইতি। ৬ জনীয়া ডকাইতৰ দলে নৃশংসভাৱে আক্ৰমণ কৰিলে কৰিলে ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ ফাইজুল হকক। উপৰ্যুপৰি আক্ৰমণ কৰি লুটি নিলে নগদ ৫ লাখ টকা ।
ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীয়ে নিজৰ বিলাসী বাহনখনেৰে নগদ ৫ লাখ টকা লৈ বাইহাটা চাৰিআলি অভিমুখে গৈ আছিল । সেই মুহুৰ্ততে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত দুই যুৱকে পিছফালৰ পৰা গৈ নিজৰ বাইকেৰে আগুচি ধৰে ফাইজুল হকক(Rangia News)।
পৰৱৰ্তী সময়ত প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীয়ে নিজৰ চাৰি চকীয়া বাহনখন ৰখোৱাৰ লগে লগে আন দুখন বাইকত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে উপৰ্যুপৰি প্ৰহাৰ কৰে ফাইজুলক।চোকা অস্ত্ৰ, হাতুৰিৰে কোবাই গুৰুতৰভাৱে আহত কৰে ব্যৱসায়ী জনক।
লগতে ব্যৱসায়ীগৰাকীৰ লগত থকা ৫ লাখ টকা ও লুটি লৈ ঘটনা স্থলীৰ পৰা উধাও দুৰ্বিত্তৰ দলটো। পিছত পথৰ দাঁতিত পৰি থকা প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰাই।
সেয়া যি কি নহওঁক দিন দুপৰতে ৰঙিয়াত এনেদৰে দিন ডকাইতি হোৱা ঘটনাই উদঙাইছে ৰঙিয়া আৰক্ষীৰ ফোঁপোলা স্বৰূপ। এতিয়া প্ৰশ্ন হয় ইয়াৰ পিছতো আৰক্ষীয়ে কি ধৰণে তদন্ত কৰি ডকাইতৰ দলটোক কৰায়ত্ব কৰিব সেয়া সময়তহে লক্ষণীয় হৈ পৰিব।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত একেলগে ১০হাজাৰ আই মাতৃয়ে পৰিৱেশন কৰিলে দিহানাম