Local, Vocal, Global

Rangia News:কোকৰাঝাৰত বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সময়তে এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ গুৰুত্বপূৰ্ণ মন্তব্য

ৰঙিয়া,১৮ফেব্ৰুৱাৰী : সোমবাৰৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন। কোকৰাঝাৰত বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সময়তে এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

প্ৰমোদ বড়ো নেতৃত্বাধীন বি.টি.চি পৰিষদখনে জনগণৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থতাৰ অভিযোগ তুলি জনগণৰ সৈতে ন্যায় নকৰিলে শান্তি প্ৰতিষ্ঠা অসম্ভৱ বুলি মন্তৱ্য আগবঢ়াই হুছেইনে(Rangia News)‌।

বিটিআৰৰ জনগণৰ সমস্যা পৰ্যালোচনা আৰু সমাধান নকৰিলে বিধানসভা অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰাটো এক প্ৰকাৰ চমকহে হৈ ৰব বুলিও দোহাৰে বি.টি.চিত হোৱা নাই ভূমি জৰীপ। লাখ লাখ পৰিয়ালৰ নাই ভূমিপট্টা। বি.টি.চি চুক্তিৰ ৪.৩ দফা অনুসৰি ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগৰে পৰা বিটিআৰত বসবাস কৰা প্ৰতিটো পৰিয়ালক ভূমিপট্টা প্ৰদানৰ দাবী হুছেইনৰ ।

আনহাতে গোষ্ঠীসংঘৰ্ষত ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক ক্ষতিপূৰণ আৰু পুনঃসংস্থাপনৰ দাবী জনাই তেওঁ । লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীৰো সজোৰে উত্থাপন এবিএমছু নেতাগৰাকীৰ ।ইফালে চলিত বাজেট অধিৱেশনতে বিটিআৰ চুক্তি অনুসৰি বিটিআৰৰ সকলো মাধ্যমৰ অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰাদেশীকৰণৰো দাবী জনাই টাইচন হুছেইনে।

লগতে পঢ়ক: Nagaon News:গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হোৱা মণ্ডলিক পৰ্য্যায়ৰ খেল মহাৰণত নগাঁৱৰ ছাত্ৰীৰ সাফল্য