WATCH | Rangia News : ৰঙিয়াৰ ই-ৰিক্সা চালকসকল সাৱধান!
ৰঙিয়া,২৭মাৰ্চ : ৰঙিয়াৰ ই-ৰিক্সা চালকসকল সাৱধান! কাৰণ যি কোনো মুহূৰ্ততে চোৰে লৈ উধাও হ’ব পাৰে আপোনাৰ মৰমৰ ই-ৰিক্সা খনৰ বেটাৰী। এইবাৰ ৰঙিয়াৰ উদিয়ানত ৰাইজে বেটাৰী চোৰক আটক কৰি গতাই দিয়ে আৰক্ষীক(Rangia News)।
চোৰটো উদিয়ানা অঞ্চলৰে জেহেৰুল হক ওৰফে জানু। তেওঁৰ বিৰুদ্ধে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা গাড়ীৰ বেটাৰী চুৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বুধবাৰে নিশা জেহেৰুল হকে উদিয়ানাৰ চকৰ পৰা এজন বন্ধুৰ ই-ৰিক্সা ঘৰলৈ লৈ যোৱাৰ কথা কৈছিল । কিন্তু তাৰ পৰিৱৰ্তে তেওঁ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন ই-ৰিক্সাৰ পৰা চাৰিটা বেটাৰী চুৰি কৰে । স্থানীয় লোকে চোৰটোক চুৰি কৰি থকা অৱস্থাত হাতে-লোতে ধৰি আৰক্ষীক গতাই দিয়ে ।গতিকে সাৱধান হবৰ হল ই-ৰিক্সা চালক সকল।
লগতে পঢ়ক : WATCH | Rakibul Hussain : ৬জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদনত সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য