WATCH | Rangia News : ৰঙিয়া বালিসত্ৰ সৰুলাছি মনসা মন্দিৰত ২৪তম বাৰ্ষিক শতচণ্ডী যজ্ঞ
ৰঙিয়া,২০মাৰ্চ : ৰঙিয়া বালিসত্ৰ সৰুলাছি মনসা মন্দিৰ প্ৰাংগনত বিশ্ব শান্তি আৰু প্ৰাণীজগতৰ মঙলাৰ্থে ২৪তম বাৰ্ষিক শতচণ্ডী যজ্ঞ।
যোৱা ১৯ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ পাঁচদিনীয়াকৈ উদযাপন কৰা হৈছে ২৪ তম বাৰ্ষিক শতচণ্ডী যজ্ঞ(Rangia News)।
প্ৰথম দিনা কাৰ্য্যসূচী অনুসৰি প্ৰথমে ধৰ্মধ্বজা উত্তোলন ইয়াৰ পিছতে মন্দিৰৰ দ্বাৰ উন্মোচনৰ লগতে যজ্ঞৰ দ্বাৰ উন্মোচন।ইয়াৰ লগে লগে আৰম্ভ হয় বিভিন্ন কাৰ্য্যসূচী।
আনহাতে নিশা নাগাৰা নাম পৰিবেশন কৰে পাঠক ভৱেন চন্দ্ৰ কলিতা আৰু ৰামচৰণ কলিতাই।গতিকে আটাইকেইদিন সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে আয়োজক সমিতিয়ে।
লগতে পঢ়ক : WATCH | MLA Samsul Huda : বিতৰ্কই লগ নেৰা হৈছে বিধায়ক ছামছুল হুদাৰ