Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত নলিনী শৰ্মা দেৱৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ৰঙিয়া,১৬মাৰ্চ : ৰঙিয়া জয়ন্তীপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত নলিনী শৰ্মা দেৱৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।

জয়ন্তীপুৰ শিৱমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে জয়ন্তীপুৰৰ বহু কেইজন গণ্য মান্য ব্যক্তিৰ লগতে অঞ্চলবাসী। ৰঙিয়া জয়ন্তীপুৰত জন্মগ্ৰহণ কৰা প্ৰয়াত নলিনী শৰ্মা দেৱে বহু বছৰ ধৰি জয়ন্তীপুৰ অঞ্চলত সাত্তিক পুৰুহিত হিচাপে কৰ্মৰত আছিল কিন্তু পৰৱৰ্তী সময়ত বিবাহ সূত্ৰে থাকিবলৈ লয় গুৱাহাটী ৰূপনগৰত।

প্ৰয়াত নলিনী শৰ্মাৰ অশেষ প্ৰচেষ্টাত জয়ন্তীপুৰ অঞ্চলত জন্ম হৈছিল ব’ল বমৰ(Rangia News)।

আনহাতে বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠান সমূহৰ লগত ওঁত:প্ৰোত ভাৱে জড়িত আছিল । আজি তেওঁৰ আকস্মিক মৃত্যুত শোঁকত ভাগি পৰে অঞ্চলবাসী। শনিবাৰে তেওঁৰ মৃত্যু উপলক্ষে অনুষ্ঠিত হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।প্ৰয়াত নলিনী শৰ্মাদেৱে নিজ পুজিৰে নিৰ্মাণ কৰা জয়ন্তীপুৰ শিৱমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত তেওঁৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি গভীৰ শোক প্ৰকাশ কৰে আঞ্চলবাসীয়ে।

লগতে পঢ়ক : WATCH | Doul Festival : ৰঙিয়াৰ ১ নং তুলসীবাৰী শাখা সত্ৰত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপন