Local, Vocal, Global

WATCH | Rangia News : কুমাৰপাৰা বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত ৬০তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ

ৰঙিয়া,১৫মাৰ্চ : দ্বিতীয় বৈকুন্ঠত পৰিণত ৰঙিয়া পীতাম্বৰ হাটবজালী কুমাৰপাৰা বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত ৬০তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ।

যোৱা ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। দ্বিতীয় দিনা একপ্ৰকাৰ দ্বিতীয় বৈকুন্ঠত পৰিণত এই দৌলযাত্ৰা মহোৎসৱ।বিভিন্ন অঞ্চলৰ মহিলাৰ নাম ওপভোগ কৰিবলৈ শ শ ভক্তৰ সমাগম ঘটে দৌল মহোৎসৱলৈ( Rangia News।

আনহাতে শেষৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা জনপ্ৰিয় কন্ঠশিল্পী দেৱাগীৎজ আৰু দীপশিখা বৰাৰ গীতৰ শৰাই।গতিকে সমূহ ধৰ্মাপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উৎযাপন সমিতিয়ে।

লগতে পঢ়ক : WATCH | Sipajhar News : পাথৰিঘাট শাখা কেওট সন্মিলনৰ ৭০সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন