WATCH | Rangia News : মৃত্যু দূতত পৰিণত ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ
ৰঙিয়া,১৫মাৰ্চ : মৃত্যু দূতত পৰিণত ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিদিনেই এটাৰ পিছত এটাকৈ ভয়ংকৰ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ ৰঙিয়া।
এইবাৰ ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে চুইফট ডিজেয়াৰ বাহন।
ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটা(Rangia News)।
কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকী পথচাৰীৰ লগতে মাছমৰীয়া এগৰাকীৰ। মাছমৰীয়া গৰাকী নিজৰ চাইকেলখন পথৰ দাঁতিত ৰখাই বৰষি বাই আছিল পথৰ ওচৰত থকা এটি জলাশয়ত। হঠাৎ AS-01-BB-6999নম্বৰৰ চুইফট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই চাইকেলখন খুন্দিয়াই চুৰ্ণবিচৰ্ণ কৰি দ-খাৱৈত সোমাই পৰে।
চালক গৰাকীয়ে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ একাংশ স্থানীয় লোকৰ। ঘটনাস্থলীত ৰঙিয়া যান বাহন আৰক্ষী উপস্থিত হৈ চালক গৰাকীক ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাই।
লগতে পঢ়ক : WATCH | Assam Orunodoi Scheme: ৰাজ্যত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী!