Local, Vocal, Global

WATCH | Rangia News : PUBG খেলি পৰপুৰুষৰ সৈতে প্ৰেমত পৰিল বোৱাৰী;সন্তানক লগত লৈ স্বামীক এৰি পলাল পত্নী

ৰঙিয়া,১৩মাৰ্চ : ৰাজ্যত অব্যাহত আছে পৰকীয়া প্ৰেমৰ ঘটনা। প্ৰতিদিনেই এটাৰ পিছত এটাকৈ পৰকীয়া প্ৰেমৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। আজিৰ যান্ত্ৰিক যুগত মোবাইলটোৱে হৈ পৰিছে এনেবোৰ ঘটনাৰ অন্যতম কাৰণ।

এইবাৰ ৰঙিয়াত সংঘটিত হৈছে এক অনুৰূপ ঘটন। PUBG খেলি নিজৰ সুখৰ সংসাৰ ত্যাগ কৰিলে এগৰাকী বোৱাৰীয়ে। ৰঙিয়া 5 নং ৱাৰ্ডৰ গোগমালাছাৰ এগৰাকী বোৱাৰী আছিল PUBG খেলত পাকৈত। স্বামী জেহেৰুল আলীৰ অভিযোগ অনুসৰি অনলাইনত গেম খেলি চিনাকী হৈছিল পশ্চিমবংগৰ এজন যুৱকৰ সৈতে পত্নী আচমিনা বেগমৰ(Rangia News)।

অকল এইয়া নহয় মহিলা গৰাকীয়ে বন্ধন বেংকৰ পৰাই ঋণ লৈছিল ৭০হাজৰ টকা।ঋণ লোৱাৰ নিশা স্বামীক শোৱাপাটিত এৰি মজনিশা পলায়ন কৰে নিজ সন্তানক লৈ আচমিনা বেগমে।ঘটনা সন্দৰ্ভত স্বামী জেহেৰুল আলীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল