Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ ফিফটিন ফাইনেঞ্চ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

ৰঙিয়া,৯মাৰ্চ : এইবাৰ ৰঙিয়া জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ ফিফটিন ফাইনেঞ্চ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

ফিফটিন ফাইনেঞ্চ আঁচনিৰ অধীনত বৰকুকুৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ আন্তঃগাঁথনি মেৰামতিৰ কামত ব্যাপক খেলিমেলিৰ অভিযোগ ৰাইজৰ।
মেৰামতিৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ(Rangia News)।

মেৰামতিৰ ৬ মাহৰ নহওঁতেই ভাঙি পৰিছে দুৱাৰ আৰু চিলিং। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত নিৰ্মাণ শেষ হোৱাৰ কিছুদিন পাছতেই সম্পূৰ্ণ ধ্বংস হৈ পৰিছে বিশেষকৈ জোৰা ঢাপলি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে আৰোগ্য মন্দিৰৰ মেৰামতিৰ কামত বিসংগতি এয়া স্পষ্ট হৈ পৰিছে।

স্থানীয় ৰাইজে এই দুৰ্নীতিৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তদন্তৰ দাবী জনাইছে ।

অভিযোগ অনুসৰি কেৱল চুন,তেল সানিয়ে ৪ লাখ ৭৭ হাজাৰ টকা আত্মসাৎ কৰিছে ঠিকাদাৰে।এই দুৰ্নীতিৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ পুত্ৰ মিনহাজুল আহমেদ আৰু নিৰ্মাণ কমিটিৰ সভাপতি আব্দুল ৰহিমৰ ওপৰত। ৰাইজে এই বিষয়ত সঠিক তদন্ত কৰি দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে৷

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰা হ’ব নে, সেয়া সময়তহে লক্ষণীয় হৈ পৰিব।

লগতে পঢ়ক : WATCH | Jagiroad News: জাগীৰোডৰ কুমৈ আঞ্চলিক যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন