Local, Vocal, Global

WATCH | Rangia News: ৰঙিয়াত ৬০তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ৰঙিয়া,৩মাৰ্চ : ৰঙিয়া পীতাম্বৰ হাটবজালী কুমাৰপাৰা বৰনামঘৰ প্ৰাংগণত ৬০তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱক লৈ চলিছে ব্যাপক প্ৰস্তুতি। অহা ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ(Rangia News)।

দৌলযাত্ৰা মহোৎসৱক লৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে কুমাৰ পাৰাবাসী ৰাইজ। প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি প্ৰথমে ধৰ্মধ্বজা উত্তোলন ইয়াৰ পিছতে সমূহীয়া চাফাই অভিযানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰে আৰম্ভণি হ’ব ৬০তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ।

আনহাতে শেষৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা জনপ্ৰিয় কন্ঠশিল্পী দেৱাগীৎজ আৰু দীপশিখা বৰা।গতিকে সমূহ ধৰ্মাপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উৎযাপন সমিতিয়ে।

লগতে পঢ়ক :WATCH | Self-reliant youth: কাঠফুলা খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন চাপৰৰ এজন যুৱকৰ