Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়াৰ জয়ন্তীপুৰত উৎসৱ মুখৰ পৰিবেশ

ৰঙিয়া,২৭এপ্ৰিল : ৰঙিয়াৰ জয়ন্তীপুৰত উৎসৱ মুখৰ পৰিবেশ। বহু অপেক্ষাৰ অন্ত পৰিল। অৱশেষত জয়ন্তীপুৰৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুল খন উচ্চতৰ মাধ্যমিক লৈ উন্নীত কৰিলে চৰকাৰে। যাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত এক আনন্দৰ পৰিবেশ(Rangia News)।ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে নাচি বাগি উলিয়াই এক সমদল।

ৰঙালী বিহুৰ উপহাৰ হিচাপে অসম চৰকাৰে বৃহত্তৰ অঞ্চলটোলৈ দিয়া এই বিশেষ খবৰে যথেষ্ট উৎসাহিত কৰি তোলে অঞ্চলবাসীক।

লগতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মিৰাজুল ইছলামে।

ইফালে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ শ্লোগানেৰে মুখাৰিত হৈ পৰে সমগ্ৰ পৰিবেশ।আনহাতে এই বৃহত্তৰ অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাত যথেষ্ট সন্তোষ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

লগতে পঢ়ক : WATCH | Nagerbera News : এগৰাকী দৰিদ্ৰ প্ৰাৰ্থীক গাঁৱবাসীয়ে দান বৰঙণি দি অৱতীৰ্ণ কৰাইছে পঞ্চায়ত নিৰ্বাচনত