Local, Vocal, Global

Watch | Rangia murder case: ৰঙিয়াৰ কংকণ দাসৰ মৃত্যুৰ ৮ অভিযুক্তক আদালতৰ তিনিদিনৰ ৰিমাণ্ড

ৰঙিয়া: ৰঙিয়া বৰকুকুৰীয়াৰ কংকণ দাসৰ মৃত্যুৰ গোচৰত সাঙোৰ খোৱা ৮ অভিযুক্তক আদালতৰ তিনিদিনৰ ৰিমাণ্ড। উল্লেখযোগ্য যে এসপ্তাহৰ ৰিমাণ্ড বিচাৰিছিল ৰঙিয়া আৰক্ষীয়ে।যোৱা ৰবিবাৰে ৰঙিয়া বৰকুকুৰীয়াৰ কংকণ দাসে গাওঁৰে আঠজনকৈ বন্ধুৰ সৈতে ওলাই গৈছিল ব’লবমলৈ কিন্তু ব’লবমলৈ গৈ সু-শৰীৰে ঘৰলৈ ওভতি নাহিল কংকণ।

পৰৱৰ্তী সময়ত সোমবাৰে ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত উদ্ধাৰ হৈছিল কংকণৰ ক্ষত বিক্ষত মৃতদেহ। প্ৰথম অৱস্থাত ধাৰণা কৰা হৈছিল এয়া এক দূৰ্ঘটনা কিন্তু পৰৱৰ্তী সময়ত ঘটনাই লৈছিল অন্য ৰূপ।কংকণৰ পৰিয়ালৰ সন্দেহ এয়া এক পৰিকল্পিত হত্যাকাণ্ড। আঠ বন্ধুয়ে মিলি পৰিকল্পিত ভাৱে হত্যা কৰিছিল কংকণক আৰু সেয়ে আঠবন্ধুৰ ওপৰত কংকণৰ পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আঠজনকৈ অভিযুক্তক লৈ ৰঙিয়া আৰক্ষী থানাত চলাইছিল জেৰা।

মঙ্গলবাৰে আটাইকেইজন অভিযুক্তক ৰঙিয়া ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাত‌ আদালতে ৮ অভিযুক্তক তিনিদিনৰ ৰিমাণ্ডত দিয়ে। উল্লেখযোগ্য যে আৰক্ষীয়ে এসপ্তাহৰ ৰিমাণ্ড বিচাৰিছিল।বৰ্তমান ৰঙিয়া আৰক্ষী থানাত ৮ অভিযুক্তক লৈ জোৰ দাৰ জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে।আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য এয়া হত্যা নে দূৰ্ঘটনা।