Watch | Rangia murder case: ৰঙিয়াত হত্যাকাৰীক লগত লৈ অপৰাধ স্থলীত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েচন
ৰঙিয়া: ৰঙিয়াত হত্যাকাৰীক লগত লৈ অপৰাধ স্থলীত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েচন।কিছুদিন পূৰ্বে ৰঙিয়া ভট্টপাৰাৰ এটি তিনিমহলীয়া অট্টালিকাত ভাৰাতীয়া হিচাপে থকা ৰঙিয়া কেন্দুকোণাৰ ষ্টেচন মাষ্টাৰ ৰাহুল কুমাৰ সিঙে দুই সন্তানৰ সন্মুখতে নিজ পত্নীক অতি নিৰ্মম ভাৱে হত্যা কৰে পৰৱৰ্তী সময়ত হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে ঘটনা স্থলীৰ পৰা।
অৱশেষত শুকুৰবাৰে গুৱাহাটী গণেশ গুৰিৰ পৰা হত্যাকাৰী ৰাহুল কুমাৰ সিঙক আটক কৰিবলৈ সক্ষম হয় ৰঙিয়া আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পত্নীহন্তা স্বামী তথা ৰে’ল বিষয়া ৰাহুল কুমাৰ সিঙক লৈ ৰবিবাৰে অপৰাধ স্থলীত আৰক্ষীয়ে ক্ৰাইম চিন ৰিক্ৰিয়েচন কৰে। লগতে ৰাহুল কুমাৰ সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত পত্নীক হত্যা কৰা চুৰি খন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
উ্লেখযোগ্য যে যোৱা ৩ জুলাইত ৰাহুল কুমাৰ সিঙে পাচলি কটা চুৰিৰে গলত ৰেপি নৃশংসভাৱে হত্যা কৰিছিল পত্নীক। ঘটনা সংঘটিত কৰাৰ পিছত ১৫ দিন ধৰি আত্মগোপন কৰি আছিল ৰাহুলে । হত্যাকাৰী ৰাহুল কুমাৰ সিঙক অৱশেষত গণেশগুৰিৰ পৰা যোৱা শুক্ৰবাৰে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে ৰবিবাৰে আৰক্ষীয়ে প্ৰথমে ঘটনা সংঘটিত কৰাৰ দিনা ৰাহুলে পিন্ধি থকা তেজ লগা টি ছাৰ্টটো ধৰমপুৰৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ পিছত ৰাহুলে পত্নীক হত্যা কৰা চুৰি খন দলিয়াই দিয়া পুখুৰীলৈ যায় । তাত আৰক্ষীয়ে নিয়া ডুবাৰুৰ জৰিয়তে হত্যা কৰা চুৰি খন উদ্ধাৰ কৰে । হত্যাকাণ্ড সংঘটিত কৰা ৰঙিয়াৰ মুৰাৰাস্থিত ভাড়াঘৰলৈ হত্যাকাৰী ৰাহুলকলৈ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে ক্ৰাইম চিন ৰিক্ৰিয়েচনৰ বাবে যায় । হত্যাকাৰীয়ে এই ঘৰটোত কেনেকৈ পত্নীক হত্যা কৰিছিল সেয়া হত্যাকাৰীয়ে বুজাই দিয়ে।
আৰক্ষীয়ে জনোৱা মতে পাৰিবাৰিক বিবাদৰ বাবে ৰাহুলে এই হত্যাৰ ঘটনা সংঘটিত কৰিছে।পত্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈ ৰাহুলে এই হত্যাকাণ্ড সংঘটিত কৰে। শীঘ্ৰে হত্যাকাৰীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।