WATCH | Rangali Bihu : ৰঙাপৰাত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ কৰ্মশালা

জামুগুৰিহাট,৬এপ্ৰিল : জামুগুৰিহাটত ৰঙালী বিহুক আদৰণি লেখিকা সমাৰোহ সমিতিৰ নঙলাৰ মুখত অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ শোণিতপুৰৰ ৰঙাপৰাতো চলিছে বিহুৰ আখৰা। ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙাপৰাৰ সমন্বয় সমিতিৰ যৌথ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হৈছে।
ঢোল, পেঁপা, গণনাৰ শব্দৰে মুখৰিত হৈ পৰিছে ৰঙাপৰাৰ আকাশ-বতাহ। ৰঙাপৰা চহৰত অনুষ্ঠিত হোৱা দহদিনীয়াকৈ বিহু কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ শতাধিক কণ কণ শিশু, কিশোৰ ,কিশোৰী আৰু যুৱক যুৱতী সকলে অংশ গ্ৰহণ কৰিছে(Rangali Bihu)।
লক্ষণীয় বিষয় এই যে বিহুৰ প্ৰশিক্ষন কৰ্ম্মশালাত অংশ গ্ৰহণ কৰা গোৰ্খা, বিহাৰী, বেংগলী সম্প্ৰদায়ৰ প্ৰশিক্ষাৰ্থী সকলক তেজপুৰৰ গুলেশ্বৰ বড়োয়ে প্ৰশিক্ষণ প্ৰদান কৰে।
লগতে পঢ়ক : WATCH | Rangali Bihu : জামুগুৰিহাটত ৰঙালী বিহুক আদৰণি লেখিকা সমাৰোহ সমিতিৰ