WATCH | Rangali Bihu : জামুগুৰিহাটত ৰঙালী বিহুক আদৰণি লেখিকা সমাৰোহ সমিতিৰ

জামুগুৰিহাট,৬এপ্ৰিল : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটো বিহুৱতী বোৱাৰী সকলৰ গাত তত নাইকীয়া হৈছে৷
আজি জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত থকা কাৰ্যালয়ত সমবেত হৈ উত্তৰজামুগুৰি লেখিকা সমাৰোহ সমিতিৰ সদস্যা বিহুৱতী বোৱাৰী সকলেও নাচি বাগি আনন্দ উল্লাসেৰ জনালে বাপতি সাহোন ৰঙালী বিহুক আদৰণি জনাই(Rangali Bihu) ৷
অৰ্ধশতাধিক বোৱাৰী সকলৰ সৈতে কেইগৰাকীমান আশী উৰ্ধৰ আইতাই ঢোলৰ চেওত ৰবই নোৱাৰি বিহু নাচি বাগি ধলাইবিলৰ কেন্দ্ৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ পৰিভ্ৰমণ কৰা পৰিলক্ষিত হয়৷ এই সকল বিহুৱতী বোৱাৰীৰ মাজত আছিল লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া ক্ৰমে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী লাহৰি বৰা হাজৰিকা,ৰূপালী বৰাকে ধৰি বহুকেইগৰাকী শিক্ষয়িত্ৰী ৷
লগতে পঢ়ক : WATCH | Road Accident : চলন্ত ট্ৰাকৰ তলত সোমাল মটৰ চাইকেল