Ramlala Pran Pratisth : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিনাই নিৰাপত্তাৰ ক্ষেত্ৰত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
নেশ্যনেল ডেস্ক, ৭ জানুৱাৰী : দেশজুৰি প্ৰস্তুতি অযোধ্যাত ৰাম মন্দিৰক লৈ ।২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাত ৰাম মন্দিৰ । অযোধ্যাত ৰাম মন্দিৰ এই ঐতিহাসিক দিনটোৰ বাবে বাট চাই আছে সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্ব । ভাৰতীয় জনতা পাৰ্টীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশাল কাৰ্যসূচী সমগ্ৰ দেশৰে বুথ পৰ্যায়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে(Ramlala Pran Pratisth) ।
২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু তাৰকা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’বলগীয়া অযোধ্যাত ৰাম মন্দিৰক লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
নিৰাপত্তাৰ ক্ষেত্ৰত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যখনৰ সকলো জিলাৰ সাধাৰণ লোকসকলক অযোধ্যালৈ যোৱাৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ আহ্বান জনাইছে ।সাধাৰণ লোকসকলক অযোধ্যা ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞাও আৰোপ কৰা হৈছে । জানিব পৰা মতে, বাছ আৰু ৰে’লৰ টিকটো বাতিল কৰা হৈছে ।
উল্লেখ্য যে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে উক্ত দিনাই উপস্থিত থাকিব বহু অতিথি । তেনেস্থলত বিশেষ প্ৰটোকলো কাৰ্যকৰী কৰা হ’ব ।
আমেঠিৰ জিলা দণ্ডাধীশ ৰাকেশ কুমাৰ মিশ্ৰাই জনোৱা অনুসৰি , ২০, ২১ আৰু ২২ জানুৱাৰীত সাধাৰণ লোকক অযোধ্যালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গাঁৱৰ মুৰব্বী, পঞ্চায়তৰ বিষয়া আৰু লেখপালৰ জৰিয়তে উক্ত দিনবোৰত লোকসকলক অযোধ্যালৈ যোৱা বন্ধ কৰিবলৈ প্ৰচাৰ চলাবলৈ নিৰ্দেশনা দিয়া হৈছে । বাছ আৰু ৰে’লৱে বুকিং উক্ত তাৰিখত বাতিল কৰিবলৈ কোৱা হৈছে(Ramlala Pran Pratistha Ban on Going to Ayodhya from January 20 Bus and Train Tickets are Being Cancelled ) ।
ইয়াৰ উপৰিও, আন জিলাৰ পৰাও লোকসকলক অযোধ্যালৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আৰক্ষীক নিৰ্দেশনা দিয়া হৈছে ।