Local, Vocal, Global

Ram Mandir Pran Pratishtha : ৰাম মন্দিৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী;আৰম্ভ প্ৰাণ প্ৰতিষ্ঠা পূজা

নিউজ ডেস্ক, ২২ জানুৱাৰী : অন্ত পৰিল দেশৰ ৫৫০ বছৰীয়া অপেক্ষাৰ।ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সাজু অযোধ্যা। অযোধ্যাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জয় শ্রীৰাম ধ্বনিৰে মুখৰ সৰযূৰ তীৰ(Ram Mandir Pran Pratishtha )।

ঐতিহাসিক ক্ষণৰ সাক্ষী সমগ্ৰ বিশ্ব। ৰামময় হৈ পৰিছে ৰাম নগৰী অযোধ্যাৰ লগতে সমগ্ৰ দেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান। অযোধ্যাত উপস্থিত বলীউদৰ বহু ৰথী-মহাৰথী। ৰাম ভক্তৰে ভৰি পৰিছে ৰাম জন্মভূমি। উদ্বোধনী অনুষ্ঠানত উপস্থিত বহু ভিভিআইপিও।

ৰাম মন্দিৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰম্ভ হৈছে প্ৰাণ প্ৰতিষ্ঠা পূজা।

লগতে পঢ়ক : Ram Mandir’s Inauguration today : আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা; অযোধ্যাত উপস্থিত বহু বলীউদৰ তাৰকা