Surya Tilak at newly built Ram Temple : অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ ‘সূৰ্য তিলক’

নিউজ ডেস্ক, ১৭ এপ্ৰিল : অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ ‘সূৰ্য তিলক’ । ৰাম নৱমীৰ দিনটোত ৰামলাল্লাৰ প্ৰতিমূৰ্তিৰ কপালত ‘সূৰ্য তিলক’ । ৰামলাল্লাক সূৰ্য তিলকৰে সূৰ্য অভিষেক । ৫.৮ চেণ্টিমিটাৰ পোহৰৰ ৰশ্মি প্ৰৱেশ কৰিলে ৰাম মন্দিৰৰ ভিতৰত । বিশেষ দাপোন, লেন্সৰ সহায়ত বৈঞ্জানিকৰ দলে সম্পন্ন কৰিলে এই কাৰ্য । ১১.৫৮ মিনিটৰ পৰা ১২.০৩ মিনিটলৈ সূৰ্য তিলক অৰ্পণ কৰা হ’ল ৰামলাল্লাক( Surya Tilak at newly built Ram Temple) ।
নলবাৰীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানত সূৰ্য তিলক অৰ্পণ কৰিলে লাখ লাখ জনতাই । মোবাইলৰ ফ্লাচ লাইট জলাই প্ৰভূ তিলক অৰ্পণ ।
উল্লেখ্য যে, ৰাম মন্দিৰ নিৰ্মাণৰ পিছত অযোধ্যাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে ৰাম নৱমী। ৰাম নৱমী উপলক্ষে নৰূপত সাজি উঠিছে অযোধ্যা চহৰত।
দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় লাখ লাখ ভক্ত। এনে পৰিস্থিতিত ৰামলালাৰ দৰ্শনৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। গোটেই মন্দিৰটো ফুলেৰে সজাই তোলা হৈছে। ইয়াৰ উপৰিও দৰ্শনৰ সময়ো বৃদ্ধি কৰা হৈছে। আজি দুপৰীয়া ১১.৫৮ মিনিটৰ পৰা ১২.০৩ মিনিটলৈ সূৰ্য তিলক অৰ্পণ কৰা হ’ল ৰামলাল্লাক(Ram Lalla idol illuminated with ‘Surya Tilak’ at Ayodhya’s Ram temple) ।
লগতে পঢ়ক : Tragic Accidents in Bishwanath : ৰঙালী বিহুৰ আনন্দ উল্লাহৰ মাজতে হুচৰি দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত