Local, Vocal, Global

Guwahati:গুৱাহাটীত নিষিদ্ধ হ’ল সমদল-শোভাযাত্ৰা;অনিৰ্দিষ্টকাললৈ নিষিদ্ধ সমদল-শোভাযাত্ৰা

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী : গুৱাহাটীবাসীলৈ আহিল নতুন নিষেধাজ্ঞা। গুৱাহাটী মহানগৰীত উলিয়াব নোৱাৰিব সমদল। সমদলত ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলে আৰক্ষীয়ে।

গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ কোনেও উলিয়াব নোৱাৰিব সমদল। ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে(Rally Banned in Guwahati)।

উল্লেখ্য যে গুৱাহাটীৰ ভিন্ন পথত উলিওৱা সমদলৰ বাবে জনসাধৰণে সন্মুখীন হৈছে সমস্যাৰ। সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ।

DCP ইমদাদ আলীয়ে আজিৰেই পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে এই নিৰ্দেশনা। নিৰ্দেশনাত লগতে উল্লেখ কৰিছে যে যদিহে এই নিষেধাজ্ঞা উলংঘা কৰে, তেন্তে BNSৰ ২৩৩ধাৰাত হ’ব শাস্তিৰ সন্মুখীন হ’ব(Guwahati)।

লগতে পঢ়ক :Guru Ravidas Jayanti holiday: ২ ফেব্ৰুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান, কাৰ্যালয়, উদ্যোগ- প্ৰতিষ্ঠান