Local, Vocal, Global

Raksha Mantri Rajnath Singh Celebrates Diwali with Troops in Tezpur : তেজপুৰত সৈন্যৰ সৈতে দীপাৱলী উদযাপন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক,৩১অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে অৰুণাচল প্ৰদেশত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

বুধবাৰে নিশা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেজপুৰত সৈন্যৰ সৈতে দীপাৱলী উদযাপন কৰে।

তেজপুৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কঠিন পৰিস্থিতিত মাতৃভূমিৰ সেৱা কৰাৰ সময়ত তেওঁলোকৰ আত্মা, প্ৰতিশ্ৰুতি আৰু সাহসৰ প্ৰশংসা কৰে।লগতে চীনৰ সৈতে LOCত সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতীয় সৈনিকসকলে দেখুওৱা সাহস আৰু অনুশাসনক প্ৰশংসা কৰে।বহু অপেক্ষা আৰু চেষ্টাৰ অন্তত স্থলভাগত একমতত উপনীত হৈছে ভাৰত আৰু চীন। তাৰ সকলো শ্ৰেয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দিয়ে ভাৰতীয় সেনাক।কেৱল ভাৰতীয় সেনাৰ সাহস আৰু অনুশাসনৰ বাবেই পাৰস্পৰিক আলোচনা সম্ভৱ হোৱা বুলি উল্লেখ কৰে ৰাজনাথ সিঙে(Raksha Mantri Rajnath Singh Celebrates Diwali with Troops in Tezpur)।

নিশাই টাৱাঙৰ বাড়া খানাত এক অনুষ্ঠানত অংশগ্ৰহণৰ কথা আছিল প্ৰতিৰক্ষা মন্ত্ৰীজনৰ। কিন্তু কিছু অসুবিধাৰ বাবে টাৱাঙলৈ যোৱাৰ সিদ্ধান্ত সলনি কৰি তেজপুৰৰ 4th ক’ৰৰ মূখ্য কাৰ্যালয়ত উপস্থিত থাকে ৰাজনাথ সিং।তেজপুৰৰ 4th ক’ৰৰ মূখ্য কাৰ্যালয়ৰ অনুষ্ঠানত উপস্থিত থাকি দেশবাসীক দীপাৱলীৰ শুভেচ্ছাও জনায় প্ৰতিৰক্ষা মন্ত্ৰীজনে।

লগতে পঢ়ক :Fire Break Out in Dakshin Kamrup : বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ৮খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান