Local, Vocal, Global

Watch | Raksha Bandhan : মুকালমুৱাত প্ৰজাপিতা বহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাখী বন্ধন উৎসৱ পালন

মুকালমুৱা: আজি ভাতৃ-ভগ্নীৰ পৱিত্ৰ উৎসৱত ৰাখী বন্ধন। সমগ্ৰ দেশৰ লগতে মুকালমুৱাতো উদযাপন কৰা হয় ৰাখী বন্ধন। প্ৰতি বছৰৰ দৰে এইবাৰো মুকালমুৱাৰ প্ৰজাপিতা বহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰত ৰাখী বন্ধন উৎসৱ পালন কৰা হয়। ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰটোত সম্পূৰ্ণ আধ্যাত্মিকতাৰে প্ৰেম আৰু ভাতৃত্ববোধৰ সমন্বয়ৰ উৎসৱ ৰাখী বন্ধন পালন কৰে। ৰাখী বন্ধন উপলক্ষে ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰটোত ৰাতিপুৱাৰে পৰা অসংখ্য লোকৰ সমাগম হয়। সকলোকে প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্মকৰ্তা সকলে ৰাখী পিন্ধাই। লগতে অঞ্চলটোত থকা চৰকাৰী বেচৰকাৰী কাৰ্যালয় সমূহতো উপস্থিত হৈ তাৰ বিষয়া কৰ্মচাৰী সকলোকো ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্মকৰ্তা সকলে ৰাখী পিন্ধাই।

লগতে পঢ়ক: Watch | CM Sarma : দিহিৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে