ৰাখীবন্ধন
নিউজ ডেস্ক, ১১ আগষ্ট : প্ৰত্যেক জনী ছোৱালীৰে এক হেঁপাহৰ উৎসৱ ৰাখীবন্ধন। নিজৰ ককায়েক নাইবা ভায়েকক আজি ৰাখী পিন্ধাই তেওঁলোকৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আৰু তেওঁলোকে ইজনে সিজনৰ সৈতে মিঠাই আৰু উপহাৰ বিনিময় কৰে।
এই উৎসৱ শাওন মাহৰ পূৰ্ণিমাত উদযাপন কৰা হয়। কাশী বিশ্বনাথ ঋষিকেশ পাঞ্চাঙৰ (Kashi Vishwanath Rishikesh panchang) মতে, শাওন পূৰ্ণিমা তিথি ১১ আগষ্টৰ পুৱা ৯:৩৪ বজাত আৰম্ভ হৈ ১২ আগষ্টৰ পুৱা ৫:৫৮ বজাত সমাপ্ত হব। সেয়েহে এই বছৰ, উৎসৱটো ১১ আৰু ১২ আগষ্টত দুদিনীয়াকৈ পালন কৰা হ’ব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাখীবন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।