Local, Vocal, Global

Rakibul Hussain demands Central Government delegation in Assam : সংসদত গৰজি উঠিল ৰকিবুল হুছেইন

নিউজ ডেস্ক,৩০জুলাই : সংসদত গৰজি উঠিল ৰকিবুল হুছেইন। সংসদৰ মজিয়া কপাই তুলিলে ৰকিবুল হুছেইনে ।

ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন এইবাৰ সংসদত গৰজি উঠিছে। ১০ লাখ ভোটত জয়ী হৈ এইবাৰ লোকসভাত মজিয়াত নিজৰ ৰাজ্যৰ লগতে সমষ্টিৰ হৈ মাত মাতিছে সাংসদ ৰকিবুল হুছেইনে।ৰকিবুল হুছেইনৰ দাবী( Congress’s Rakibul Hussain Roars Loud in Lok Sabha Parliament) । কেন্দ্ৰ চৰকাৰে এক প্ৰতিনিধি দল প্ৰেৰণ কৰিব লাগে অসমত(Rakibul Hussain shakes up Indian parliament) ।

অসমৰ লগতে ধুবুৰীবাসীৰ মুল সমস্যাক লৈ সংসদত ৰকিবুল হুছেইনৰ ভাষণ। ধুবুৰী লোকসভাৰ বিভিন্ন অঞ্চলত হৈ থকা গৰাখহনীয়াৰ যি সমস্যা যুগ যুগ ধৰি ধুবুৰীবাসীয়ে ভুগি আহিছে।

আজিলৈকে কোনো এজন সাংসদ অথবা অসম চৰকাৰেও গুৰুত্ব দিয়া নাই। ধুবুৰীবাসীৰ এই দীৰ্ঘ দিনীয়া সমস্যা সমাধান কৰাৰ কাৰণে কেন্দ্ৰ চৰকাৰক অনুৰোধ, কেন্দ্ৰ চৰকাৰে এক প্ৰতিনিধি দল প্ৰেৰণ কৰিব লাগে অসমত।

কেৱল গৰাখহনীয়াই নহয় অসম ৰাজ্যৰ মুল সমস্যা হৈছে বানপানী। প্ৰতিবছৰে বানপানীত বহুলোকে প্ৰাণ হেৰুৱাব লগা হয়।বানপানীৰ কৱলত পৰি মানুহৰ প্ৰাণৰ লগতে কিমান খেতি নষ্ট হব লগা হয়।

কিন্তু তাৰপাছতো কেন্দ্ৰই এই বিষয়ত গুৰুত্ব দিয়া নাই। কেন্দ্ৰই চৰকাৰে ভাৱে ব্ৰক্ষ্মপুত্ৰ এখন নদী নহয়। কিন্তু ব্ৰক্ষ্মপুত্ৰ এখন নদ হয়। এই ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্ৰতিবছৰে অসমখন এক প্ৰকাৰৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰে। তাৰপাছতো গুৰুত্ব নাই চৰকাৰৰ।

সেয়েহে ৰকিবুল হুছেইনৰ দাবী কেন্দ্ৰ চৰকাৰে অতি সোনকালে এক প্ৰতিনিধি দল অসমত প্ৰেৰণ কৰিব লাগে অসমত। যিটো দলে গৰাখহনীয়া আৰু বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শনৰ কৰি স্থায়ী সমাধানৰ কৰিব পাৰিব।

লগতে পঢ়ক : Lakshman Prasad Acharya takes oath as Governor of Assam : অসমৰ নৱনিযুক্ত ৰাজ্যপালৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শপত গ্ৰহণ