Local, Vocal, Global

WATCH | Rakibul Hussain : মিনি বাংলাদেশ কাণ্ডকলৈ প্ৰথমটো প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ

বিলাসীপাৰা,২২মাৰ্চ : মিনি বাংলাদেশ কাণ্ডকলৈ প্ৰথমটো প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ। বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীক অৰ্ধ শিক্ষিত আখ্যা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ।

বিলাসীপাৰাৰ টিলাপাৰাত সাংসদ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা কমিউনিটি হলৰ দ্বাৰ উন্মোচন কৰি সাংবাদিকৰ প্ৰশ্নোত্তৰত এইদৰে কয় সাংসদ ৰকিবুলে। ইয়াৰ উপৰিও বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ ধুবুৰীৰ কোনো ভৌগলিক কাণ্ডজ্ঞান নাই বুলিও কয় সাংসদ ৰকিবুলে। ধুবুৰীৰ পৰা বহু স্বনামধন্য লোকৰ জন্ম হৈছে। হস্তীৰ কন্যা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে, প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহ, বলীউড শিল্পী আদীল হুছেইন সহ শ শ জনপ্ৰিয় ব্যক্তিত্বৰ জন্ম হৈছে ধুবুৰীত(Rakibul Hussain)।

এই সকলোকে চূড়ান্ত অপমান কৰিছে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে।

লগতে পঢ়ক : WATCH | Goalpara News : গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ