Rakibul Hussain :গোৱালপাৰাত পাঁচ গৰাকী বিধায়কক লৈ পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে সাংসদ ৰকিবুল হুছেইনে
গোৱালপাৰা,২০জানুৱাৰী : সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক তথা বিৰুদ্ধে দল।ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী ৰণডংকা।
এইবাৰ গোৱালপাৰাত পাঁচ গৰাকী বিধায়কক লৈ পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে সাংসদ ৰকিবুল হুছেইনে(Rakibul Hussain)।
সাংসদ ৰকিবুল হুছেইনৰ মতে, আগন্তুক বিধান সভা নিৰ্বাচনত ৰাইজে ধৰাশায়ী কৰিব হিমন্ত বিশ্ব শৰ্মাক আৰু চৰকাৰ গঠন কৰিব কংগ্ৰেছে। গোৱালপাৰা জিলাৰ দলগোমাত অনুষ্ঠিত কংগ্ৰেছৰ এক বিশাল কৰ্মী সভাত অংশ গ্ৰহণ কৰি সাংসদ ৰকিবুল হুছেইনে এইদৰে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।
সাংসদ ৰকিবুল হুছেইনৰ কয়- হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাত সম্প্ৰতি সকলো জাতি-জনগোষ্ঠীৰ লোক হিমন্ত বিশ্ব শৰ্মাৰ পৰা আঁতৰি গৈছে। সেয়ে মুছলমান লোকৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ৰকিবুল হুছেইনে কয়–পৰাজয়ৰ কথা জানিব পাৰিয়েই হিমন্ত বিশ্ব শৰ্মাই পদুম ফুলৰ ছবি লৈ নিৰ্বাচনত অৱতীৰ্ণ হবলৈ সাহস পোৱা নাই।
ষড়যন্ত্ৰমূলকভাৱে হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন পিছুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে। সভাত বিধায়ক শীৱামনি বৰা, এ কে ৰছিদ আলম, আফতাব উদ্দিন মোল্লা, যাদৱ স্বৰ্গীয়াৰী, ডাঃ আছিফ নজৰেও উপস্থিত থাকে।
লগতে পঢ়ক :Nagon News:ৰাজপথৰত দাউ-দাউকৈ জ্বলিল বিকল এস্কেভেটৰ