Local, Vocal, Global

পৱিত্ৰ মাৰ্ঘেৰিটাক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে ৰাজ্যসভাৰ টিকট

নিউজ ডেস্ক,২১ মাৰ্চঃ ৩১ মাৰ্চত ৰাজ্যৰ দুখনকৈ ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷

দেওবাৰে নিশা হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্যালয়তনিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাক আনুষ্ঠানিকভাৱে দলীয় টিকট প্ৰদান কৰিলে দলটোৰ সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো এইদৰে কয় যে, “আমি দুয়োখন আসনতে জয়ী হ’ম৷ সোমবাৰে ১২.৩০ বজাত মনোনয়ন দাখিল কৰিব আমাৰ দুয়ো প্ৰাৰ্থীয়ে৷ সংখ্যাৰ কথা এতিয়া নাই৷ আমি জিকিম৷ আমি কৰা উন্নয়নৰ ফল ৩১মাৰ্চত প্ৰমাণ হ’ব ৷”