Rajya Sabha MP Pabitra Margherita Selected for Ministerial Post : অসমৰ বাবে এক ভাল খবৰ;মোডী মন্ত্ৰীসভাত অন্তৰ্ভূক্ত প্ৰবিত্ৰ মাৰ্ঘেৰিটা !

নিউজ ডেস্ক,৯জুন : অসমৰ বাবে এক ভাল খবৰ। আজি মোদী মন্ত্ৰীসভাৰ সম্ভাব্য মন্ত্ৰীৰ তালিকাত অসমৰ পৰা আন এজন সাংসদৰ নাম। পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম অন্তৰ্ভুক্ত মন্ত্ৰীৰ তালিকাত।
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিছে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। অসমৰ পৰা দ্বিতীয়গৰাকী মন্ত্ৰীৰূপে শপত ল’ব পবিত্ৰ মাৰ্ঘেৰিটাই ।
অসমৰ সৰ্বানন্দ সোণোৱালৰ পিছতেই এইবাৰ মোদী মন্ত্ৰীসভাত পবিত্ৰ মাৰ্ঘেৰিটাৰ স্থান লাভে ৰাজ্যিক বিজেপিৰ বাবেও কঢ়িয়াই আনিছে এক সুখবৰ।ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটত স্থান লাভ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শপতগ্ৰহণৰ পূৰ্বে সোণোৱালক চাহমেললৈ নিমন্ত্ৰণ মোডীৰ(Rajya Sabha MP Pabitra Margherita Selected for Ministerial Post in Modi Cabinet 3.0)।
ইফালে নিৰ্বাচন নেখেলিলেও কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব প্ৰাক্তন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। নিৰ্বাচনত পৰাজিত হোৱা স্মৃতি ইৰাণীও স্থান পাব মোডীৰ মন্ত্ৰীসভাত।দুয়োগৰাকী নেত্ৰীকে ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰক্ষেপ কৰাৰ পৰিকল্পনা বিজেপিৰ(Rajya Sabha MP Pabitra Margherita Selected for Ministerial Post )।
লগতে পঢ়ক : Train Accident in Karimganj : দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন