Rajnath Singh to visit Assam : ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
নিউজ ডেস্ক, ১১ মাৰ্চ : ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । নিৰ্বাচনকেন্দ্ৰিক দলীয় অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । নিৰ্বাচন মুখৰ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণৰ পিচতে শীঘ্ৰেই অসমলৈ আহিব বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷
অহা ১৪ মাৰ্চত দুটাকৈ দলীয় কাৰ্যসূচী লৈ অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী(Rajnath Singh to visit Assam on March 14 ahead of Lok Sabha elections) ।
সংবাদ মাধ্যমৰ সন্মুখত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, বৰপেটা আৰু কোকৰাঝাৰত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ৰাজনাথ সিঙৰ ভ্ৰমণক লৈ বৰপেটা আৰু কোকৰাঝাৰত পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপি আৰু মিত্ৰজোঁটৰ কৰ্মীসকলে(Rajnath Singh to visit Assam ) ।
তেওঁ আৰু কয় যে অসম বিজেপিয়ে এতিয়া ৰাজ্যৰ ১৪ খন লোকসভাৰ আসন আটাইকেইখন আসন দখল কৰিবলৈ চেষ্টা চলাইছে । উল্লেখযোগ্য যে ৰাজনাথ সিঙে ১৪ মাৰ্চত ৰাজনাথ সিঙে যি দুটা সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব সেই দুয়োখন আসনতেই বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই ।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে । অসমৰ ১৪ টা লোকসভা সমষ্টিত অসম বিজেপিয়ে ক্লাষ্টাৰ গঠন কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিটো ক্লাষ্টাৰ ভ্ৰমণ কৰিব ।”