Local, Vocal, Global

Rajnath Singh embarks on two day visit to Assam : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী

নেশ্যনেল ডেস্ক, ২৩অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী । সোমাবৰে তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হ’ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।

জানিব পৰা মতে, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে দেশৰ 4র্থ ক’ৰ্পছ সেনা বাহিনীৰ বিষয়া জোৱানসকলৰ মাজত উপস্থিত থাকি ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ বুমলা পাচত বিজয়া দশমী উপলক্ষে সেনাৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব(Rajnath Singh embarks on two day visit to Assam) ।

লগতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিৰ পৰা ভাৰত-চীন সীমান্তত উত্তৰ প্ৰান্তৰ অতিকৈ স্পৰ্শকাতৰ সেনা বাহিনীৰ ঘাটি চতুৰ্থ কৰ্পছত উপস্থিত থাকি নৱৰাত্ৰিত পূজা অৰ্চনা কৰাৰ লগতে স্থল সেনা, বায়ু সেনাৰ জ্যেষ্ঠ বিষয়া সকলৰ লগত মত বিনিময় কৰিব(Defence Minister NE tour) ৷

মঙলবাৰ অৰ্থাৎ দশমীৰ দিনাই পুৱাই পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত হেলিকপ্টাৰৰ জৰিয়তে উপস্থিত হৈ সীমান্তৰ শেষ প্ৰান্তত থকা সেনাৰ মৈত্ৰী স্থল বুমলা পাচত উপস্থিত হৈ টাৱাং ৱাৰ মেমৰিয়েলত বিজয়া দশমী উদযাপন কৰিব ।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধই এইবাৰ ৬১ বছৰত ভৰি দিব । ১৯৬২ চনত ভাৰতৰ টাৱাং জিলাৰ খিনজিমণি জেমিথাং চেকটৰ দিশে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে প্রৱেশ কৰিছিল ।

উল্লেখ্য যে, প্ৰতিৰক্ষা মন্ত্ৰী সিঙে সেনাৰ সৈতে দশমীৰ পূজা-অৰ্চনা কৰিব টাৱাং ৱাৰ মেমৰিয়েলত । টাৱাং ৱাৰ মেমৰিয়েল ভাৰত-চীন যুদ্ধৰ এক ঐতিহাসিক স্মাৰক আছে ।

লগতে পঢ়ক : Fire break out : কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ড