WATCH | Rajnath Singh : জম্মু-কাশ্মীৰত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
নিউজ ডেস্ক,১৫মে’ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰত উপস্থিত হয় আৰু শ্ৰীনগৰৰ বাদামী বাগ ছাউনীত সেনা জোৱানসকলৰ সৈতে মিলিত হয় । তেওঁক সংগ দিয়ে উপ-ৰাজ্যপাল মনোজ সিনহা আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ।
কিছুদিন পূৰ্বে পাকিস্তানৰ ভিতৰত জৈশ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাসহ ন টা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি চলোৱা সেন্দূৰ অভিযানৰ পিছত এইটো হৈছে কেন্দ্ৰীয়শাসিত অঞ্চলটোলৈ কোনো উচ্চ পৰ্যায়ৰ নেতাৰ প্ৰথমটো ভ্ৰমণ(Rajnath Singh)।
আনহাতে, আই এ ই এৰ নিৰীক্ষণত ৰখাৰ দাবী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত ‘গুৰুতৰ পাৰমাণৱিক যুদ্ধ’ বন্ধ কৰাৰ দাবীৰ পিছত আহিছে ।
ৰাজনাথ সিঙে কয়, “আজি সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ সংকল্পৰ শক্তি ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে আমি তেওঁলোকৰ পাৰমাণৱিক ব্লেকমেইলিঙকো পৰোৱা কৰা নাই । সম্পূৰ্ণ বিশ্বই প্ৰত্যক্ষ কৰিছে যে কেনেদৰে কেইবাবাৰো পাকিস্তানে দায়িত্বজ্ঞানহীনভাৱে ভাৰতক পাৰমাণৱিক ভাবুকি দিছে ।”
তেওঁ কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ভাৰতৰ গৌৰৱৰ ওপৰত আঘাত কৰিবলৈ আৰু সামাজিক একতা ভংগ কৰিবলৈ এক প্ৰয়াস আছিল । কিন্তু ভাৰতে ‘তেওঁলোকৰ হৃদয়তে আঘাত কৰিছে’।
লগতে পঢ়ক : WATCH | Debabrata Saikia :‘মানুহৰ উপাধি হলেই নহয় কৰ্মদক্ষতা লাগিব’