Local, Vocal, Global

৩১ বছৰ কাৰাবাসৰ পিছত মুকলি আকাশৰ তলত ৰাজীৱ গান্ধীৰ হত্যাকাৰী

নিউজ ডেস্ক, ১৭ মাৰ্চঃ মুকলি আকাশৰ তলত ৰাজীৱ গান্ধীৰ হত্যাকাৰী৷ সুদীৰ্ঘ ৩১ বছৰৰ কাৰাবাস খাটি জামিন লাভ কৰিলে জি পেৰাৰিভালন ওৰফে আৰিভুকে৷

মঙলবাৰে কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁৰ মাতৃ অৰ্পুত্ৰম আম্মলে ন্যায়পালিকা আৰু শুভাকাংক্ষীসকলক তেওঁৰ দীঘলীয়া যুঁজত সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

৩১ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে পেৰাৰিভালনে সশস্ত্ৰ আৰক্ষীৰ জোৱান অবিহনে কাৰাগাৰৰ পৰা ওলাই আহিছে। কাৰাগাৰৰ পৰা মুক্ত হোৱা দিনটোত তেওঁ নিজকে এটা ‘মুক্ত চৰাই’ হিচাপে অভিহিত কৰিছে৷ 
উল্লেখ্য যে, ১৯৯১ চনৰ জুন মাহত, ১৯ বছৰ বয়সত, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ কেইসপ্তাহমান পাছত চিবিআইয়ে তেওঁক সোধা-পোছাৰ বাবে জিম্মাত লৈছিল।

মৃত্যুদণ্ডৰ দণ্ডিত হোৱা অপৰাধী হিচাপে বহু বছৰ ধৰি অকলশৰীয়া কৈ থকাৰ পাছত, তেওঁক সকাহ দিছিল উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ে ২০১৪ চনত তেওঁৰ মৃত্যুদণ্ডৰ শাস্তি পুনৰীক্ষণ আৱেদনৰ ৰায়ৰ দ্বাৰা আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল। তেওঁৰ প্ৰথম পেৰোল পাবলৈ তেওঁক আৰু তিনি বছৰ সময় লাগিছিল। তেওঁৰ ৭০ বছৰীয়া মাতৃয়ে পুত্ৰৰ মৃত্যুদণ্ডৰ বিৰুদ্ধে দেশজুৰি আন্দোলনৰ এক প্ৰতিমূৰ্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

অৱশ্যে, বৰ্তমান জামিন লাভ কৰিলেও তেওঁৰ ভ্ৰমণৰ ওপৰত ভালেমান চৰ্ত আৰোপ কৰা হৈছে৷ তাৰ ভিতৰত তামিলনাডুৰ বাহিৰত তেওঁৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰিছে।